নজৰুল হক, গোৱালপাৰাঃ আজি বৌদ্ধ পূৰ্ণিমা। আজিৰ দিনটোত দেশত বন্ধ পালন কৰা হয়। চৰকাৰী ভাৱে পালন কৰা হয় এই বন্ধ। কিন্তু গোৱালপাৰাৰ ব্যক্তিগত বিদ্যালয় আজি বন্ধৰ দিনটোত পাঠদান অব্যাহত ৰাখে। এইখন বিদ্যালয় হৈছে গোৱালপাৰা চহৰৰ গাতে লাগি থকা চাইন্স একাডেমী।
বিদ্যালয়খনত অইন দিনৰ দৰে আজিও প্ৰতিটো শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই থকা দেখা গ’ল। কিন্তু কিয় বৌদ্ধ পূৰ্ণিমাৰ চৰকাৰী বন্ধৰ দিনটোত বিদ্যালয়খন খোলা থকাত একাংশ লোকে প্ৰশ্ন কৰে।
এই ক্ষেত্ৰত বিদ্যালয়খনৰ কতৃপক্ষই দিয়া ভাষ্য মতে শংকৰদেৱৰ তিথি, ফাতেহা দোৱাজ দহম আদি যিদৰে বিদ্যালয়ত পালন কৰা হয় ঠিক তেনেদৰে বৌদ্ধ পূৰ্ণিমাৰ দিনটোত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধ দেৱৰ জীৱন শৈলিৰ ওপৰত পাঠ পঢ়োৱা হয়। অন্তত তেনে কৰিলে ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণ কৰাৰ সুবিধা এটা পাব।