প্ৰণৱ ডেকাবৰুৱা, মৰাণঃ মৰাণৰ পথালিবাম শলগুৰী গাঁৱত পুৱতি নিশা ভাৰতী চাংমাই হাজৰিকা (১৯) নামৰ বোৱাৰীগৰাকীয়ে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ প্ৰতিক্ৰিয়া নিশা পৰ্যন্ত অব্যাহত আছে৷ বোৱাৰীগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ কৰি আজি সন্ধিয়া স্বামীগৃহ পোৱাৰ পাছতে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ বোৱাৰীগৰাকীৰ মাতৃগৃহৰ লোকৰ লগতে গাঁৱৰ ৰাইজে বোৱাৰীগৰাকীৰ মৃতদেহ স্বামী প্ৰাঞ্জল হাজৰিকাৰ গৃহৰ চোঁতালতে অন্তিম সৎকাৰ কৰাৰ বাবে উদ্যত হয়৷ মৰাণ আৰক্ষীৰ লগতে স্থানীয় দণ্ডাধীশে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও আৰক্ষীৰে তৰ্কত লিপ্ত হয় ৰাইজ৷ অৱশেষত আৰক্ষীৰ উপস্থিতিতে বোৱাৰীগৰাকীৰ মৃতদেহ স্বামীগৃহৰ চোতালত অন্তিম সৎকাৰ কৰে উত্তেজিত ৰাইজে৷ ইফালে বোৱাৰীগৰাকীক স্বামীগৃহত পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মাতৃগৃহৰ লোকে মৰাণ থানাত আজি দিনৰ ভাগতে দাখিল কৰিছিল এজাহাৰ৷ বৰ্তমান আৰক্ষীয়ে স্বামী প্ৰাঞ্জল হাজৰিকাক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে৷ স্থানীয় ৰাইজে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে৷ স্বামীগৃহৰ লোকে বোৱাৰীগৰাকীৰ মৃত্যুক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি ৰাইজে কয় যে কোনো কাৰণতে ভাৰতীয়ে আত্মহত্যা কৰিব নোৱাৰে৷ বিয়াৰ এবছৰ নহওঁতেই অমায়িক বোৱাৰীগৰাকী ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনা সহজভাৱে গ্ৰহন কৰিব পৰা নাই স্থানীয় ৰাইজে৷