জোনমণি বেগম, বিশ্বনাথঃ অসমীয়া বোলছবি জগতৰ জনপ্রিয় অভিনেতা, একেধাৰে পৰিচালক, ৰাজনীতিবিদ, অসম আন্দোলনৰ অন্যতম নেতা পদ্ম কৈৰীৰ স্মৃতিত আজি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। সাকোমাটো চাহ বাগিচাৰ গোপসাধাৰুস্থিত বাসগৃহৰ চৌহদত সম্পূৰ্ণ নীতি-নিৰ্দেশনা মাজেৰে এক গাভীর্যপূৰ্ণ পৰিবেশত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে।
ইয়াৰ পিছত উপস্থিত বিশিষ্ঠ ব্যক্তি তথা দল-সংগঠনৰ ফালৰ পৰা পুষ্পঞ্জলি অৰ্পণেৰে স্মৃতি তৰ্পণ কৰি আত্মাৰ চিৰ শান্তিৰ হকে ভগৱানৰ ওচৰত প্রার্থনা জনোৱা হয়। আনহাতে, উক্ত স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি গৌতম গোৱালাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ “হায়ৰে শিৰিষ ত’ৰ কথা জানে কঝনে” উন্মোচন কৰে চাহ জনজাতি কল্যান বিভাগ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে।
অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰামোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্রী প্ৰবীণ হাজৰিকা, মাৰিয়নী সমিষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, আৰক্ষী অধীক্ষক ৰাজেন সিং, সাকোমাটো চাহ বাগিচাৰ স্বত্বাধিকাৰী, ৰবীন্দ্ৰ সিং, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ বৰুৱা, প্ৰেমলাল গঞ্জু, আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৱন বেদিয়া, সহঃ সম্পাদক অনন্ত চোনা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ চাহ সম্পাদক দুলদুল বৰকাকতি, আটছাৰ প্ৰাক্তন নেতা কৃষ্ণ কমল তাঁতী, দিগন্ত ঘটোৱাৰ, অসম চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলহা সমাৰোহ কেন্দ্ৰীয় শিক্ষা আৰু সাহিত্য সম্পাদক গোলাম ৰছুল আলী, বিশিষ্ঠ শিল্পী মুৰ্টুজা আলি শ্বেখ, বিশিষ্ট কবি জমিৰ আহমেদ, বিশিষ্ঠ সাহিত্যিক মনোমতী কুর্মী, জ্যেষ্ঠ নাগৰিক সন্থা বিশ্বনাথ চাৰিআলিৰ সভাপতি অপূৰ্ব কুমাৰ দাস, বিশিষ্ঠ লেখিকা থানেশ্বৰী কুর্মী গঞ্জু, প্ৰতিভা দাস, শিল্পী শ্যাম কুমাৰ নাগ আদি একাধিক বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।