বোকাজান, ৩০ আগষ্টঃ অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী আৰক্ষীৰ পুনৰ এক সাফল্য। এক অভিযানত খটখটী আৰক্ষীয়ে জব্দ কৰে ৪০০ কেজি গাঞ্জা৷ খটখটীৰ বিনোদ ছাৰ্ভিচিং চেণ্টাৰত ৰখাই থোৱা অৱস্থাত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে গাঞ্জা খিনি। আৰক্ষী গৈ পোৱাৰ আগতেই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে চালক হেণ্ডিমেনৰ বিৰুদ্ধে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লক্ষাধিক টকা৷