বোকাজানঃ বোকাজানৰ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত খটখটি আৰক্ষীয়ে আজি বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। ঘটনাৰ বিৱৰণী অনুসৰি সুৰাখিনি এনএল-০৭-চি-৯২২৩ নম্বৰৰ এখন জিপচি গাড়ীত সীমান্তৱৰ্তী এলেকাটোৰ সুৰা বিপনীৰ পৰা ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল। তেনে সময়তে অসম-নগালেণ্ড সীমান্তত খটখটি আৰক্ষীয়ে গাড়ীখন সন্দেহবশতঃ ৰখোৱাত গাড়ীখনৰ চালক তথা সৰবৰাহকাৰী চেগ বুজি দৌৰি নগালেণ্ডৰ সীমাত প্ৰৱেশ কৰাৰ ফলত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
পৰৱৰ্তী সময়ত গাড়ীখনত সৰ্বমুঠ ৩৯ কাৰ্টন বিলাতী সুৰা খটখটী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হোৱাৰ লগতে ডিমাপুৰৰ ভিতৰত ইয়াৰ মূল্য প্ৰায় দুগুনৰ পৰা তিনি গুণ পৰ্যন্ত হয় বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। উল্লেখ্য যে একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন সময়ত সুৰা নিষিদ্ধ ৰাজ্য নগালেণ্ডলৈ সীমান্তৱৰ্তী এলেকাটোৰ পৰা চোৰাংভাবে সুৰাৰ অবৈধভাবে সৰবৰাহ অব্যাহত ৰাখি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ বিভিন্ন সময়ত প্ৰমাণিত হৈ আহিছে।