বোকাজানঃ কাৰ্বি আংলঙৰ বোকাজানত শনিবাৰে নিশা ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে৷ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়হজানত নিশা প্ৰায় ৯ বজাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাখনো দোকান গৃহ আৰু সামগ্ৰী জুইত জাহ যায়।
দোকান কেইখনৰ ভিতৰত হোটেল, এখন গেলামাল দোকান আৰু টেণ্ট হাউচ আছিল। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ মূল কাৰণ তথা ইয়াৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্দিষ্টকৈ জানিব পৰা হোৱা নাই যদিও দোকানসমূহৰ কোনো এটা ঘৰৰ পৰাই বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটাৰ লগতে ক্ষতিৰ পৰিমাণ কেবালক্ষাধিক হ’ব বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ ব্যক্ত কৰিছে।
ঘটনাস্থলীত বোকাজান আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নুমোৱাবলৈ সক্ষম হয়। উল্লেখ্য যে, অগ্নিকাণ্ডত দোকানত থকা চিলিণ্ডাৰো বিস্ফোৰণ হয়।