March 30, 2023, 4:21 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বোকাজানত বিধ্বংসী অগ্নিকাণ্ডঃ পাঁচ শতাধিক ঘৰ ভষ্মীভূত, জীৱন্তে অগ্নিদগ্ধ হৈ ৪ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

প্ৰাণদ্বীপ চেতিয়া
  • Update Time : Tuesday, July 7, 2020
  • 262 Time View

বোকাজানঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান অঞ্চলৰ দুদু কলনীত আজি দিনৰ প্ৰায় ১ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ঘন জনবসতিপূৰ্ণ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। জুইৰ লেলিহান শিখাই নিমিষতে বৃহৎ অঞ্চলটো আগুৰি ধৰাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈ কলা ধোৱাই ছানি ধৰে ৷

অগ্নিকাণ্ডত প্ৰায় পাঁচ শতাধিক ঘৰ জুইত সম্পূৰ্ণৰূপে জাহ যায়। ঘটনাস্থলীত খটখটি আৰক্ষী, বোকাজান অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়েও বহু কষ্টৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আনহাতে এই অগ্নিকাণ্ডত ছবিয়া খাতুন নামৰ ৪ বছৰীয়া এটি কন্যা শিশু জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ ভাৱে মৃত্যুক আঁকোৱালি লয় আৰু কেইবাজনো ব্যক্তি আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীসকলৰ মতে লাহৰিজান বাগানৰ মাটিত কিছু সন্দেহযুক্ত লোকে অবৈধভাৱে বাঁহ আৰু টিনেৰে নিৰ্মাণ কৰা উক্ত ঘৰ সমূহৰ কোনো এটা ঘৰৰ পৰাই জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ ব্যক্ত কৰিছে। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ মূল কাৰণ তথা ইয়াৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্দিষ্টকৈ জানিব পৰা হোৱা নাই যদিও ক্ষতিৰ পৰিমাণ কেবালক্ষাধিক হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে সময়ে সময়ে ভিন্ন স্থানত এনেধৰণে অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈ আহিছে যদিও উক্ত ঘটনাৰ পৰা শিক্ষা লৈ সতৰ্ক নোহোৱাৰ পৰিপ্ৰেক্ষিততে ঠায়ে ঠায়ে এনে ঘটনাৰ পুনৰাবৃত্তি হৈয়ে আছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে