বোকাজানঃ কাৰ্বি আংঙৰ বোকাজানত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। সোমবাৰে নিশা হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে-ফোটোকাৰে জলস্তৰ বৃদ্ধি পাইছে বোকাজানৰ বিভিন্ন নদ-নদী তথা পানী যোৱা নলা-সমূহৰ। বানপানীৰ ফলত ওফন্দি অহা অসম-নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান খান বস্তিৰ তেনে এক নলাত পৰি অকাল মৃত্যুক সাৱটিলে ৭ বছৰীয়া চাকেবুল হাচান নামৰ কিশোৰে।
নলাটোৰ কাষতে খেলি আছিল কিশোৰটোৱে৷ তেনে সময়তে বাঢ়নী পানীৰ সোঁতে চকুৰ পলকতে উটুৱাই লৈ যায় কিশোৰটোক। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু কাৰাগাঁও আৰক্ষীৰ জোৱানসকলে প্ৰায় ২৫০ মিটাৰ নিলগত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অঞ্চলজুটোত শোকৰ ছাঁ পৰে।