March 28, 2023, 8:55 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বোকাজানত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ হেমাহি, প্ৰাণ হেৰুৱালে দৰিদ্ৰ ঘৰৰ ৪ বছৰীয়া শিশু

Reporter Name
  • Update Time : Saturday, July 18, 2020
  • 163 Time View

প্ৰাণদ্বীপ চেতিয়া, বোকাজানঃ মহামাৰীৰ ভয়ংকৰ বিপদকালত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে মানৱ জাতিলৈ আগবঢ়োৱা সেৱাৰ বাবে মানৱ জাতি আজি কৃতজ্ঞ৷ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকৰ স্থান মানৱ সমাজত সদায়েই শিখৰত। এক কথাত সকলোৱেই এই সেৱাৰ সৈতে জড়িত লোকক ভগৱান বুলিয়েই জ্ঞান কৰে। কিয়নো ভগৱানে জীৱন দিলেও জীয়াই ৰাখে চিকিৎসকসকলেহে। কিন্তু ভগৱান বুলি গণ্য কৰা এই সেৱাৰ সৈতে জড়িত কোনোবাজনৰ লোকৰ বাবে এটা এটা পৰিয়ালত নিমিষতে সৰগ ভাঙি পৰে৷ কেতিয়াবা একাংশ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ অৱহেলাৰ বাবে বহু নিৰীহলোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ খবৰ প্ৰচাৰ হয়।

তেনেই এক কাণ্ড সংঘটিত হৈছে কাৰ্বি আংলঙৰ বোকাজানত৷ বোকাজানৰ দয়ালবস্তিৰ বাসিন্দা শংকৰ মিৰ্ধা নামৰ লোকজনৰ একমাত্ৰ সন্তানৰ অকাল মৃত্যুৰ বাতৰিয়ে বোকাজান মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোকাজানৰ দয়ালবস্তিৰ দৰিদ্ৰ শংকৰ মিৰ্ধা আৰু সৰস্বতী মিৰ্ধাই দিন হাজিৰা কৰি পোহপাল দিয়া সন্তানটোৱে অকালতে চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি লয়৷ কিছুদিন ধৰি একমাত্ৰ পুত্ৰ সন্তান শিৱই বুকুৰ এক ৰোগত আক্ৰান্ত হয়। গাঁৱৰ ৰাইজে পাৰ্যমানে আৰ্থিক সহায় আগবঢ়াই দুৰ্ভগীয়া পৰিয়ালৰ পুত্ৰৰ আৰোগ্যৰ কামনা কৰিছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস, ভগৱানৰূপী চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ হেমাহিৰ বাবে ৪ বছৰীয়া শিৱই অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল বুলি অভিযোগ উত্থাপন হৈছে৷

বৃহস্পতিবাৰে শংকৰ মিৰ্ধাই একমাত্ৰ সন্তান শিৱক দেখুৱাবলৈ আনিছিল বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। কিন্তু চিকিৎসকে লিখি দিয়া এটা বেজি ১ ঘণ্টা লৈকে দিবলৈ নাছিল কোনো নাৰ্চ তথা স্বাস্থ্যকৰ্মী। বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কোনো ধৰণৰ চিকিৎসা নাপায় দুৰ্ভগীয়া পৰিয়ালটোৱে বোকাজানৰ এখন ব্যক্তিগত চেম্বাৰ ডা০ বৰুৱা ক্লিনিকত ভৰ্তি কৰাই কণমানিক। পৰৱৰ্তী সময়ত ডা০ বৰুৱাই চিকিৎসা কৰি গধূলি সময়ত ঘৰলৈ যাবলৈ দিয়ে কণমানি শিশুক। চিকিৎসাৰ পিছতে অলপ সুস্থ হৈছিল যদিও ৰাতিলৈ শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

শুকুৰবাৰে পিতৃ-মাতৃয়ে পুত্ৰক পুনৰ বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ আনিছিল যদিও তেতিয়ালৈকে চিকিৎসকে কণমানিটিক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীৰ অৱহেলাৰ লগতে ব্যক্তিগত ক্লিনিকৰ চিকিৎসক ডা০ বৰুৱাৰ ওপৰতো ভুল চিকিৎসাৰ অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে। আনহাতে বোকাজান নগৰৰ ব্যক্তিগত চেম্বাৰ ডা০ বৰুৱা ক্লিনিকৰ বিতৰ্কিত চিকিৎসকজনৰ বিৰুদ্ধে ভুল চিকিৎসাৰ বাবেই শুকানজানৰ বাসিন্দা উজ্জ্বল নেওগ নামৰ এজন উদীয়মান যুৱকে চলিত বৰ্ষৰ ৯ মে’ত অকাল মৃত্যুক আকোৱালী লবলগীয়া হোৱাৰ অভিযোগো আছে।

সেই সময়ত বোকাজানৰ বিভিন্ন জাতীয় সংগঠন তথা সাংবাদিকে উক্ত ঘটনাৰ দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰিব লাগে বুলি বোকাজান মহকুমাৰ মহকুমাধিপতিক অনুৰোধ জনায় আৰু তাৰ পৰিপ্ৰেক্ষিততেই মহকুমাধিপতি দিলীপ তেৰাঙে অতিৰিক্ত সহকাৰী আয়ুক্ত তাহিৰ আলমক দায়িত্ব অৰ্পণ কৰিছিল। মহকুমাধিপতিৰ নিৰ্দেশমৰ্মে অতিৰিক্ত সহকাৰী আয়ুক্ত তাহিৰ আলমে বোকাজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া দেৱৰাজ দেউৰীৰ সহযোগত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে দুটা মাহ পাৰ হৈ যোৱাৰ পিছতো উক্ত ঘটনা সন্দৰ্ভত তদন্ত সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদনত কি দাখিল কৰিলে সেয়া বৰ্তমানলৈকে ৰাজহুৱা কৰা নাই বোকাজান মহকুমা প্ৰশাসনে। উল্লেখ্য যে, বোকাজান মহকুমা প্ৰশাসনৰ তত্বাৱধানত উদীয়মান যুৱক উজ্জ্বল নেওগৰ মৃত্যুৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক বৰ্তমান সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছে স্থানীয় ৰাইজে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে