বোকাজানঃ যিকোনো চৰকাৰী আঁচনি ৰূপায়নত বিয়াপক কেলেংকাৰীৰে কোটি কোটি টকাৰ চৰকাৰী ধন আত্মহাতৰ ভূ-স্বৰ্গত পৰিণত হোৱা পাহাৰীয়া জিলা কাৰ্বি আংলংত সংঘটিত হৈছে আন এক বৃহৎ কেলেংকাৰী ৷ জিলাখনৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপথাৰস্থিত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ শ্যামগাঁওৰ নাওজান জানটোৰ ওপৰত অৱস্থিত পকী দলং নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।
উল্লেখ্য যে ২০১৮ চনৰ এপ্ৰিল মাহত ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিনে আধাৰশিলা স্থাপন কৰিছিল প্রায় ১.৬৪ কোটিৰো অধিক টকাৰে বৰ্তমানো নিৰ্মাণ হৈ থকা উক্ত দলংখন। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দলংখনৰ নিৰ্মাণত ঠিকাদাৰ চাৱাৰমল আগৰৱালাই বিভাগীয় কৰ্তৃপক্ষৰ নীতি নিয়ম উলংঘা কৰিছে। কিয়নো বৰ্তমানো নিৰ্মাণত অৱস্থাত থকা দলংখনৰ কিছু কিছু অংশত ফাট মেলা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল যদিও পৰৱৰ্তী সময়ত ঠিকাদাৰে সেই ফাটসমূহ মেৰামতি কৰি ঢাকি পেলাই বুলি অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়াই অভিযোগ কৰে।
আনহাতে দলংখনৰ কাষেদি যোৱা নাওজান জানটোৰ পৰা দলংখনৰ লগতে পথটোকো সুৰক্ষা প্ৰদান কৰাৰ বাবে দলংখনৰ দুয়োটা মুৰত একোখনকৈ গাৰ্ড ৱাল নিৰ্মাণ কৰা হৈছিল। কিন্তু এই বাৰিষাত কেইদিনমান পূৰ্বে হোৱা মুষলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা ভদিয়া বানত ওফন্দি অহা জানটোৰ বাঢ়নি পানীয়ে দলংখনৰ এটা মুৰৰ গাৰ্ড ৱালৰ কিছু অংশ খহাই নিয়াৰ ফলত পথটোৰো মাটি তললৈ খহি যায়। ফলস্বৰূপে জানটোৱে এতিয়া দলংখনৰ লগতে পথটোলৈয়ো ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে। ঠিকাদাৰৰ অনিয়ম তথা অতি নিম্নমানৰ কামৰ বাবেই বৰ্তমানো নিৰ্মাণত অৱস্থাত থকা দলংখনৰ এনে দুৰৱস্থা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।
কম পৰিমাণৰ চিমেণ্ট আৰু বালিৰে গাৰ্ড ৱাল নিৰ্মাণ কৰাৰ বাবেই নিৰ্মাণৰ এবছৰ নহওঁতেই ভাঙি পৰিল গাৰ্ড ৱাল। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ চাৱাৰমল আগৰৱালা আৰু দলংখনৰ নিৰীক্ষণৰ দায়িত্বত থকা চৰকাৰৰ গড়কপ্তানী বিভাগৰ কাৰ্বি আংলং জিলাৰ বৰপথাৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অজিত দাস লিপ্ত হৈ পৰিছে ব্যাপক দুৰ্নীতিত। উল্লেখ্য যে পাৰ্বত্য জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰৰ প্ৰায় ১৩৩ বছৰ পুৰণি এখন গাঁও হৈছে শ্যামগাঁও। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দহখন গাঁওলৈ অহা-যোৱা কৰা একমাত্ৰ পথটোৰ ওপৰত এই দলংখন অৱস্থিত। প্ৰায় ৭৩ বছৰৰ পাছত স্থানীয় ৰাইজে লাভ কৰিছে এই দলংখন ৷
সুদীৰ্ঘ বছৰৰ পিছত এখন পকী দলং লাভ কৰি অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা সপোন বাস্তৱলৈ পৰিণত হোৱাৰ সময়তে পোহৰলৈ আহিছে দলং নিৰ্মাণত হোৱা ব্যাপক বিসংগতি। ১ কোটি ৬৪ লাখ টকাৰো অধিক আবণ্টিত ধনেৰে দলংখনৰ নিৰ্মাণৰ কাম চলি আছে যদিও ঠিকাদাৰ চাৱাৰমল আগৰৱালা আৰু গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অজিত দাসৰ নেতৃত্বত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। দলং নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে ৷
বিভিন্ন বিসংগতি তথা অনিয়মেৰে দলং নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি থকাত স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো গা নলৰিল কৰ্তৃপক্ষৰ। এইক্ষেত্ৰত স্থানীয় ৰাইজে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ, ৰাজ্য চৰকাৰ তথা চৰকাৰৰ জনপ্ৰতিনিধি সকলক অতি সোনকালে বাস্তৱ তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি দলংখনৰ নিৰ্মাণত হোৱা দুৰ্নীতিত হস্তক্ষেপ কৰাৰ দাবী জনোৱাৰ লগতে বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি দলংখনৰ গাৰ্ড ৱালৰ পুনৰ নিৰ্মাণৰ দাবী জনায় ।
উল্লেখ্য যে ঠিকাৰদাৰ চাৱাৰমল আগৰৱালা আৰু বোকাজানৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অজিত দাস, এই দুয়োগৰাকী ব্যক্তি কাৰ্বি পাহাৰৰ কেইবাজনো ৰাজনৈতিক নেতাৰ লগত ঘনিষ্ঠ হোৱা হেতু বিভিন্ন চৰকাৰী আঁচনিত কেলেংকাৰী সংঘটিত কৰে যদিও বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাৰ অভিযোগ বিভিন্ন মহলত উত্থিপত হৈ আহিছে।