বোকাজানঃ বোকাজান মহকুমাৰ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। বৃহস্পতিবাৰে বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান এলেকাত এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটি থানাৰ উপ-পৰিদৰ্শক মৌব্লিক ব্ৰহ্ম আৰু বৰপথাৰ আৰক্ষী চক্ৰৰ চক্ৰ বিষয়া ভূপেন কলিতাৰ সহযোগত চলোৱা অভিযানত ২৩ টা চাবোনৰ বাকচত ২৯৬.৫২ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ৰবীন সিং (৩০) আৰু কুমৌ কাইডাইৰ (৩৬) পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২৩ লাখ টকাৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা হেৰ’ইনখিনি ৰাজ্যৰ ভিন্ন প্রান্তলৈ বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। উল্লেখ্য যে, বিগত মাৰ্চ মাহৰ পৰা মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীয়ে প্ৰায় ২.৭ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে যাৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰৰ মূল্য ৭ কোটি টকাৰ বিপৰীতে ইয়াৰ বাহিৰত বজাৰ মূল্য ১৭ কোটিৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে৷