বোকাখাতঃ যোৱা বিধানসভা নিৰ্বাচনত অগপৰ সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী অতুল বৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বোকাখাত সমষ্টিত থিয় দি প্ৰধানকৈ সমষ্টিটোৰ বাট-পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। বোকাখাত সমষ্টিৰ বাট-পথ যাতায়তৰ বাবে উন্নত কৰি ৰাইজৰ কল্যাণ সাধন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু অতুল বৰাই বোকাখাতৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ ৫ বছৰ কাল অতিবাহিত কৰাৰ সময় সমাগত যদিও সমষ্টিৰ ৰাইজে যাতায়তৰ বাবে উন্নত বাট-পথ দেখিবলৈ পৰিলক্ষিত নহ’ল। যাৰ ফলত সমষ্টিটোৰ ৰাইজে সময়ে সময়ে বাট-পথ উন্নত কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে।
তাৰ মাজতে মঙলবাৰে কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ জাপৰি পথাৰত পুৰুষ-মহিলাই হাতে হাতে কোৰ লৈ পথ মেৰামতি কৰিবলৈ ওলাই আহে। জৰাজীৰ্ণ পথ স্থানীয় লোকে শ্ৰমদান কৰি মেৰামতিৰ কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী জাপৰি পথাৰ গাঁৱৰ যাতায়তৰ একমাত্ৰ পথ বিগত কেইবা বছৰ ধৰি মেৰামতি নকৰাৰ ফলত কদৰ্য ৰূপ ধাৰণ কৰে। কোনো আঁচনিয়ে ঢুকি নোপোৱাত বাৰিষা বাদেই খৰালি কালতো বোকা-পানীৰে যাতায়ত কৰিব লগীয়া হোৱাত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়।
বাৰিষা কৰ্দযময় হৈ পৰা গ্ৰাম্য পথটোৰে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হয়৷ একাঠু বোকাৰে বিদ্যালয়লৈ যাব লগা হয় ছাত্ৰ-ছাত্ৰী৷ বহিঃজগতৰ সৈত সংযুক্ত এই পথত কালভাৰ্টো নাই। কালভাৰ্ট শেহতীয়া বানে উটুৱাই নিয়ে৷ যাৰবাবে আৰু যমৰ-যাতনা ভোগ কৰি গাঁওবাসীয়ে আহ-যাহ কৰিবলগীয়া হয়। চৰকাৰৰ মন্ত্ৰী তথা সমষ্টিৰ বিধায়ক অতুল বৰাক বাট নেচাই গাঁৱৰ আৱাল, বৃদ্ধ, বনিতাই ঘৰৰ পাৰ ওলাই আহি শ্ৰম দান কৰি পথ নিৰ্মাণ কৰে৷ যোৱা বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে ভোট বিচাৰি জাপৰি পথাৰলৈ আহি কৃষিমন্ত্ৰী অতুল বৰাই জাপৰি পথাৰৰ এই পথটো প্ৰথমতেই নিৰ্মাণ কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি আজিও পুৰণ নহ’ল৷