May 25, 2022, 12:55 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বোকাখাত আৰক্ষী থানালৈ প্ৰকৃতি সংগঠন আৰণ্যকৰ উচ্চ প্ৰযুক্তিৰ চি চি কেমেৰা প্ৰদান

Reporter Name
  • Update Time : Thursday, June 4, 2020
  • 101 Time View

বোকাখাতঃ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনৰ উপৰিও বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত হোৱা পথ দূৰ্ঘটনা বা যানবাহনৰ গতি নিয়ন্ত্ৰন কৰাত সহায়ক হোৱাকৈ দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে বোকাখাত আৰক্ষী থানাত দুটা উচ্চ শক্তি সম্পন্ন চি চি কেমেৰা প্ৰদান কৰিছে ৷ আজি পুৱা বোকাখাত আৰক্ষী থানাত গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ হাতত আৰণ্যকৰ আইন কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্যই আনুষ্ঠানিক ভাৱে কেমেৰা দুটা প্ৰদান কৰে ৷

বোকাখাতৰ ৰূপজ্যোতি কম্পিউটাৰে সংস্থাপিত কৰা এই কেমেৰা দুটাই বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন আৰু পথ দুৰ্ঘটনা বা যানবাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰিও অনান্য অপৰাধ নিয়ন্ত্ৰনতো সহায় কৰিব বুলি মন্তব্য কৰে উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই ৷

বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত আৰণ্যকৰ কৰ্মকৰ্তাৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা , বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আৰু ইমজাৰ হৈ দিব্যজ্যোতি হাজৰিকা, মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু যানবাহন শাখাৰ বিষয়া গোবিন কাকতিয়ে বোকাখাত আৰক্ষীক সহায় কৰাৰ বাবে আৰণ্যকৰ শলাগ লয় ৷ অনুষ্ঠানৰ শেষত কেমেৰাৰ বুটাম টিপি চি চি কেমেৰাৰ কাৰ্যৰ শুভাৰম্ভ কৰে উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে