ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ মজত সীমা বিবাদ নিৰাময়ৰ বাবে ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ ৰক্ষামন্ত্ৰী বেই ফেংগীৰ মাজত ৰাছিয়াত শুকুৰবাৰে বিশেষ বৈঠত অনুষ্ঠিত হয়৷ ভাৰত-চীন সীমান্তৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ শাম কাটিবলৈ শুকুৰবাৰে ৰাছিয়াত ৰক্ষামন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকক লৈ ভাৰতত ব্যাপক চৰ্চা হৈ থকা পৰিলক্ষিত হৈছে৷ ভাৰতৰ ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ কাৰ্যালয়ৰ পৰা কেইবাটাও টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰলক্ষিত হৈছে৷ ৰক্ষামন্ত্ৰালয়ে টুইট যোগে মন্তব্য জাৰি কৰি কয় যে ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে চীনৰ ৰক্ষামন্ত্ৰীক সোনকালে শান্তি প্ৰতিষ্ঠাৰ বাবে আলোচনা অ্যাহত থাকিব লাগে বুলি কয়৷
শান্তি প্ৰতিষ্ঠাৰ বাবে আলোচনা অব্যাহত থাকিব লাগে আৰু এলএচিত সোনকালে সম্পূৰ্ণ ৰূপে শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে উত্তেজনা কম কৰি দুয়োপক্ষৰ ৰাজনৈতিক আৰু সেনা পৰ্যায়ত আলোচনা অব্যাহত থাকিব লাগে৷ ভাৰতৰ ৰক্ষা মন্ত্ৰালয়ে বৈঠক সন্দৰ্ভত আন কেইবাটাও টুইট কৰিছে৷ ৰক্ষামন্ত্ৰালয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিত দায়িত্বশীল ভাৱে সমস্যাৰ সমাধান হ’ব লাগে৷ দুয়ো পক্ষই এনে কোনো পৰিস্থিতিৰ সৃষ্টি কৰিব নালাগে যাৰ দ্বাৰা সীমান্ত এলেকাৰ পৰিস্থিতি উত্তেজনাময় হয়৷
ৰক্ষামন্ত্ৰীয়ে পৰামৰ্শ দি কয় যে চীনে পেংগাং হ্ৰদৰ পৰা সোনকালে সেনাক পিছুৱাই নিয়ক৷ বৰ্তমান পৰিস্থিতিত দায়িত্বৰ সৈতে সমাধান জৰুৰী৷ কোনো পক্ষই এনে পদক্ষেপ ল’ব নালাগে যে যাৰ দ্বাৰা সীমান্তত পৰিস্থিতি অৱনতি ঘটে৷ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান হ’ব লাগে৷ চীনৰ ৰক্ষামন্ত্ৰীয়ে শান্তিপূৰ্ণ ভাৱে সমস্যাৰ সমাধান কৰাৰ কথা কৈছে৷ সম্পৰ্ক মজবুত কৰিবলৈ শান্তি আৰু পাৰদৰ্শিতা বাহাল কৰাটো জৰুৰী৷
ভাৰতৰ ৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠক সমাপ্ত কৰিয়েই ৰঙা চীনে পুনৰ মোট সলাইছে৷ চীনে কয় আমি আমাৰ এক ইঞ্চি মাটিও এৰি দিব নোৱাৰো৷ প্ৰায় দুই ঘণ্টা সময় দুয়োদেশৰ মাজত অনুষ্ঠিত বৈঠকৰ অন্তত চীনে বিবৃতি জাৰি কৰিছে৷ চীনে বিবৃতি জাৰি কৰি কয় যে লাডাখত উত্তেজনা বৃদ্ধিৰ বাবে ভাৰত জগৰীয়া৷ ইয়াৰ লগতে ধমকিৰ সুৰত চীনে কয় যে চীনে নিজৰ এক ইঞ্চি ভূমিও এৰি নিদিয়ে৷
চীনৰ ৰক্ষামন্ত্ৰী ফেংগীয়ে কয় যে সীমা বীবাদৰ মাজত ভাৰত আৰু চীনৰ সম্পৰ্ক গভীৰ ভাৱে প্ৰভাৱিত হৈছে৷ এই সময়ত জৰুৰী এই যে দুয়োদেশৰ মাজত ৰক্ষা প্ৰধানে মুখামুখীকৈ বহি মুকলিকৈ আলোচনা কৰক৷ চীনে মন্তব্যত আৰু কয় যে ভীৰত-চীন সীমাত উত্তেজনাৰ সত্যতা স্পষ্ট৷ ইয়াৰ বাবে পূৰ্ণ ভাৱে ভাৰত জগৰীয়া৷ চীনে এক ইঞ্চি ভূমি এৰি নিদিয়ে৷ চীন, চীনৰ সশস্ত্ৰ সেনাই নিজ ৰাষ্ট্ৰীয় প্ৰভূত্ব আৰু অখণ্ডতাৰ ৰক্ষা কৰিবলৈ পূৰ্ণৰূপত প্ৰতিবদ্ধ, সক্ষম আৰু আশ্বস্ত৷ চীনৰ ৰক্ষামন্ত্ৰীয়ে কয় যে চীনৰ ৰাষ্ট্ৰপতি চী-জিংপিং আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহত্বপূৰ্ণ সহমতত উপনীত হৈছিল৷ ইয়াক সততাৰে কাৰ্যকৰী কৰিব লাগিছিল৷ সীমা বিবাদ আলোচনাৰ মাধ্যমেৰে আৰু পৰামৰ্শৰ মাধ্যমেৰে সমাধান কৰিবলৈ জোৰ দিব লাগে বুলি কয় চীনৰ ৰক্ষা মন্ত্ৰীয়ে৷