বোকাজানঃ ৰাজ্যৰ কেইখনমান জিলা খৰাঙৰ কৱলত পৰি পথাৰত পানী বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজানত পুনৰ বানৰ তাণ্ডৱ আৰম্ভ হৈছে৷ বোকাজানত ভদীয়া বানৰ সংহাৰী ৰূপ ধাৰণ কৰি উটুৱাই নিলে এখন পকী দলং।
ভদীয়া বানৰ বাঢ়নী পানীয়ে লাহৰিজানস্থিত কাৰ্বি আংলং ডিমাপুৰ সংযোগী পথৰ পকী দলং সম্পূৰ্ণ ৰূপে উটুৱাই নিয়ে। ৩৯নং ৰাষ্টীয় ঘাইপথৰ পৰা চানডে বজাৰ হৈ ডিমাপুৰ সংযোগী পথৰ দলং সম্পূৰ্ণৰুপে ভাঙি পৰাত যাতায়ত ব্যাহত হৈ পৰিছে। ফলত স্থানীয় ৰাইজে যাতায়তৰ ব্যাপক অসুবিধা পৰিছে।
সম্পূৰ্ণ বোকাজানবাসী বানৰ কৱলত পৰিছে। সোমবাৰে নিশাৰে পাৰ হোৱা মুষলধাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলা বোকাজানৰ বিভিন্ন অঞ্চল পানীৰ তলত। বাঢ়নী পানীয়ে বোকাজানৰ খটখটি, লাহৰিজান, চানদে বজাৰকে ধৰি বিভিন্ন অঞ্চল বুৰাই পেলাইছে।