বেবেজীয়াঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ সংবাদসেৱীসকলৰ অনুষ্ঠান প্ৰেছ ক্লাৱ, বেবেজীয়াৰ ২৭ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ ক্লাৱৰ স্থায়ী কাৰ্যালয় প্ৰয়াত মুৰুলী শৰ্মা ভৱন প্ৰাংগনত বিগত ১৯৯৪ চনতে স্থাপন কৰা অনুষ্ঠানৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৮-৩০ বজাত প্ৰেছ ক্লাৱৰ সভাপতি সমীৰ হাজৰিকাই পতাকা উত্তোলন কৰে৷ পুৱা ৮-৪৫ বজাত কাৰ্যকৰী সভাপতি অভিজিত শৰ্মাই স্মৃতি তৰ্পণ কৰাৰ পিছতে ১০-১৫ বজাত মুকলি মত বিনিময় শীৰ্ষক এক ব্যতিক্ৰম অনুষ্ঠান অনুষ্ঠিত হয়৷
কোভিড-১৯ৰ চৰকাৰী নীতি-নিয়ম মানি সামাজিক দূৰত্ব অটুত ৰাখি অনুষ্ঠিত অনুষ্ঠানৰ সঞ্চালনা কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা মোহিনী মোহন ডেকাই৷ ডেকাই ভাষণ প্ৰসংগত গণতন্ত্ৰৰ সুৰক্ষা আৰু জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত সাংবাদিক সকলে তাহানিৰে পৰা আজি পৰ্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে বুলি উল্লেখ কৰি ডেকাই সাংবাদিক সকলে নিৰ্ভীক আৰু নিৰপেক্ষ হোৱাৰ আহ্বান জনাই৷ প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁতধৰা অনুষ্ঠানত প্ৰবীণ শিল্পী গম্ভীৰ নাথে গীত পৰিৱেশন কৰে৷
বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ, কুজিডাঁহ-জামুগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ভদ্ৰ বৰা, সমাজ সংগঠক ৰেৱ কান্ত দাস, কনক বৰা, অসম প্ৰবাহ কাকতৰ কাৰ্যবাহী সম্পাদক মৃগেন কুমাৰ নাথ, যুৱ সমাজ কৰ্মী ৰাজু বৰদলৈ, এছ নাথ আদি লোকসকল উপস্থিত থাকে৷ এই অনুষ্ঠানত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে উপস্থিত সকলোৰে মাজত মাক্স’ বিতৰণ কৰে। প্ৰেছ ক্লাৱৰ কাৰ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে৷