March 25, 2023, 12:12 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি

Reporter Name
  • Update Time : Monday, January 30, 2023
  • 22 Time View

নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যসম্ৰাট পদ্মশ্ৰী এইচ কানহাইলালৰ প্ৰকল্পৰ আৰ্হিত অসমত বাদুংদ্যুপ্পাৰ জৰিয়তে বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল নাট উপস্থাপনৰ এক ব্যতিক্ৰমী ধাৰা ৷ সেই মৰ্মে, ৰাভাই গোৱালপাৰা জিলাৰ অগিয়া ৰামপুৰ গাঁৱত তেওঁ ‘আণ্ডাৰ দা ছাল ট্ৰি’ শীৰ্ষক নাট্য মহোৎসৱ অনুষ্ঠিত কৰিছিল । শুক্ৰাচাৰ্য ৰাভাই অসমত জন্ম দি থৈ যোৱা সেই ব্যতিক্ৰমী আৰু বিশ্বৰ বিৰল নাট্যধাৰাৰ অনুকৰণত নগাঁও জিলাৰ বেবেজীয়াৰ মুকলি পথাৰৰ ভৰপূৰ প্ৰাকৃতিক পৰিবেশত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰ’দঘাই বেবেজীয়াৰ নাট সমাৰোহৰ দেওবাৰে বিয়লি সামৰণি পৰে ৷ দৰ্শক ৰাইজৰ বিপুল সঁহাৰিৰ মাজেৰে নাট মহোৎসৱৰ প্ৰথম দিনা ৰ’দঘাই বেবেজীয়াই “অকণিৰ ধেমালি”, জামুগুৰিৰ জংগম গোষ্ঠীয়ে “দোলা”, পুৰণিগুদামৰ ৰংগালয়ে “মাউখ”, ৰ’দঘাই বেবেজীয়াই “হেঁপাহ” মঞ্চস্থ কৰাৰ বিপৰীতে দ্বিতীয় দিনা জ্যোতি ৰংগমঞ্চই “এক বৃক্ষ শত পুত্ৰ সম”, নগাঁৱৰ শতাব্দীয়ে বিশ্বজিত বৰঠাকুৰৰ ৰছনা আৰু পৰিচালনাৰে “সময়-এক দুঃসময়” আৰু আমোলাপট্টিৰ অকণিৰ মইনা পাৰিজাতে “ফচক কলি ডট কম” শীৰ্ষক নাটকেইখন মঞ্চস্থ কৰে ৷ দুয়োদিনৰে নাটকৰ বিৰতিত ৰ’দঘাই বেবেজীয়াৰ সম্পাদক ৰঞ্জন হাজৰিকা আৰু অন্যতম উদ্যোক্তা নাট্যশিল্পী দ্বীপ বৰাই অনুষ্ঠানৰ আঁত ধৰে ৷ এইবাৰ প্লাষ্টিক বৰ্জিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত ইকৰা-নল-খাগৰি আৰু বাহেঁৰে তথা মাটি ভেটীৰে তৈয়াৰী মুকলি মঞ্চত নাটক উপভোগ কৰিবলৈ ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ স্থলীলৈ অগণন নাট্যপ্ৰেমী দৰ্শকৰ সোঁত বোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য, নাট প্ৰদৰ্শন কৰিবলৈ অহা শিল্পী, কলা-কুশলীৰ লগতে অভ্যাগত অতিথি আৰু দূৰ-দুৰণিৰ পৰা নাট উপভোগ কৰিবলৈ অহা দৰ্শকসকলকো উদ্যোক্তাসকলে আতিথ্যৰ কোনো ত্ৰুটি নকৰাকৈ তিলপিঠা, লাৰু, বৰপিঠা আদিৰে লঘু আহাৰৰ লগতে দুপৰীয়া অসমীয়া জুতিলগা এসাঁজ ভাতেৰে আপ্যায়ন কৰি বেবেজীয়াবাসীৰ অতিথিপৰায়ণ সাংস্কৃতিক মনৰো পৰিচয় দিয়ে ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে