বেবেজীয়াঃ শেহতীয়াভাবে প্ৰলয়ংকৰী বানে চলোৱা তাণ্ডৱৰ সমান্তৰালকৈ ৰাজ্যত পুনৰ কৰ’নাৰ সংক্ৰমন বৃদ্ধি পাবলৈ ধৰাৰ সময়তে নগাঁও জিলাৰ বেবেজীয়াত জাপানীজ এনকেফেলাইটিজত এজন বয়োজ্যেষ্ঠ লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ আক্ৰান্ত লোকজন হৈছে বেবেজীয়া চাৰিআলিৰ নিকটৱৰ্তী যুৰীয়া নামঘৰৰ সমীপৰ নিবাসী ক্ষীৰকান্ত শইকীয়া৷ প্ৰাপ্ত খবৰ মতে, যোৱা বৃহস্পতিবাৰে জ্বৰত আক্ৰান্ত হোৱা ৭১ বছৰীয়া লোকজনৰ জ্বৰৰ প্ৰকোপ অধিক বৃদ্ধি পোৱাৰ লগতে শৰীৰৰ অৱস্থাৰ অৱনতি ঘটাত শুকুৰবাৰে পৰিয়ালৰ লোকে নগাঁও চহৰৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু চিকিৎসকে লোকজনক উন্নত চিকিৎসাৰ বাবে সেইদিনাই গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ পিছত গুৱাহাটীত চিকিৎসকে লোকজনৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত লোকজন জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়৷ সম্প্ৰতি লোকজন গুৱাহাটীৰ ইন্টাৰনেশ্যনেল এপল’ হস্পিতালত চিকিৎসাধীন হৈ আছে পৰিয়ালৰ সূত্ৰে জানিবলৈ দিছে৷ ইফালে, বেবেজীয়াৰ নিচেই সমীপৰ পশ্চিম শেনচোৱাৰ এজন বয়োজ্যেষ্ঠ লোকো জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হোৱা বুলি জানি পৰা গৈছে ৷ কাজেই, এইদৰে বেবেজীয়াত জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা বিষয়টোয়ে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে আৰু এই ৰোগে সংহাৰী ৰূপ যাতে ধাৰণ কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ প্ৰতি আহ্বান জনাইছে৷