September 26, 2022, 5:33 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি

Reporter Name
  • Update Time : Sunday, December 6, 2020
  • 667 Time View

বেবেজীয়াঃ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে নিয়োজিত এচাম আৰক্ষীৰ চূড়ান্ত মইমতালি আৰু স্বেচ্ছাচাৰিতাই সময়ে সময়ে গোটেই আৰক্ষী বিভাগটোকে লজ্জানত কৰি আহিছে ৷ ক্ষমতাৰ ৰাগীত মতলীয়া হৈ একাংশ আৰক্ষীয়ে নিজৰ দায়িত্বৰ সীমা চেৰাই গৈ প্ৰায়েই জনসাধাৰণক ভয়-ভাবুকিৰে ত্ৰাসিত কৰি অহা দেখা যায় ৷ আনকি এচামে আকৌ ক্ষমতাৰ অপব্যৱহাৰে সৰ্বসাধাৰণ লোকক সহায় কৰাৰ পৰিৱৰ্তে হাৰাশাস্তি কৰাটোহে যেন নিয়মত পৰিণত হৈছে ৷ আৰক্ষীৰ বিৰুদ্ধে এনে বহু অভিযোগ প্ৰায়েই উত্থাপিত হৈ থকাৰ সময়তে নগাঁও জিলাৰ বেবেজীয়াত এজন আৰক্ষী বিষয়াৰ চৰম মইমতালি আৰু দৌৰাত্ম্যই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে ৷ এই আৰক্ষী বিষয়াজন হৈছে বেবেজীয়া আৰক্ষী পহৰা চকীৰ সহকাৰী উপ পৰিদৰ্শক প্ৰহ্লাদ নাথ ৷ অভিযোগ মতে, প্ৰহ্লাদ নাথে ভাৰপ্ৰাপ্ত বিষয়াজনক অন্ধকাৰত ৰাখি ক্ষমতাৰ অপ-প্ৰয়োগেৰে অবাধে ধন ঘটাৰ বিপৰীতে কোনো গোচৰৰ মীমাংসাৰ ক্ষেত্ৰত বুজন পৰিমাণৰ উৎকোচ নিদিলে নানা অজুহাত দেখুৱাই হাৰাশাস্তিৰহে সন্মুখীন কৰায় ৷ আনকি নিজৰ সহকৰ্মীৰ লগত সদভাব বৰ্তাই নৰখা এই ঘোচখোৰ আৰক্ষী বিষয়াজনে পহৰা চকীলৈ অহা লোকক প্ৰায়েই ৰুক্ষ ব্যৱহাৰ কৰাৰো অভিযোগ আছে৷ এইসমূহৰ মাজতে শেহতীয়াকৈ এইজন মতগৰ্বী আৰক্ষী বিষয়াই জাজৰিৰ এজন নিৰপৰাধী লোকক এক গোচৰ সংক্ৰান্তত অনাহকতে হাৰাশাস্তি কৰাত লোকজনে এই বিষয়ে আৰক্ষীৰ শীৰ্ষ মহলত লিখিত অভিযোগ দাখিল কৰিছে। জাজৰিৰ বুনমনি বৰা নামৰ লোকজনৰ ব্যক্তিগত ব্যৱহৃত এ এছ-০২-কিউ ৭৫০২ নম্বৰৰ বাহনখন যোৱা ফেব্ৰুৱাৰীত ডাকৰঘাটৰ এজন চিনাকী লোকৰ ঘৰত অগ্নিদগ্ধ হৈ ধ্বংস হৈছিল ৷ পিছত ডাকৰঘাটৰ লোকজনৰ এজাহাৰৰ ভিত্তিত এইজন দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াই উক্ত ঘটনাৰ অনুসন্ধানৰ দায়িত্ব লয় ৷ কিন্তু শুকুৰবাৰে বুনমনি বৰাই উক্ত ঘটনাটোৰ আৰক্ষীৰ তদন্তৰ ৰিপৰ্টটোৰ প্ৰয়োজনত আৰক্ষী বিষয়াজনক লগ কৰাত প্ৰথমাৱস্থাত আৰক্ষী চকীত কোনো ৰেকৰ্ড নাই বুলি অৱগত কৰে যদিও পিছত আকৌ ক’ৰ্টৰ পৰা উকীল লৈ উকীলৰ জৰিয়তে আবেদন কৰি ক’ৰ্টৰ পৰা ৰিপ’ৰ্টটো ল’বলৈ কয় যদিও পিছত আকৌ নগাঁও সদৰ থানাৰ পৰা ৰিপ’ৰ্টটো পাব বুলি জনায়৷ পিছে সদৰ থানাত গৈ বুনমনি বৰাই গম পায় যে বেবেজীয়া আৰক্ষী চকীৰ পৰা তদন্তকাৰী বিষয়াজনে কোনো ধৰণৰ কেচ ডায়েৰীয়েই পঠিওৱা নাই। কাজেই, আৰক্ষী বিষয়াজনৰ একে কৰ্মকাণ্ডক লৈ লোকজন স্বাভাৱিকতেই ক্ষোভিত হৈ পৰে আৰু শনিবাৰে এই সংক্ৰান্তত আৰক্ষী বিষয়া প্ৰহ্লাদ নাথৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু বেবেজীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত লিখিত অভিযোগো দাখিল কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে