নিউজ ডেস্কঃ ৫০১ হেক্টৰ ভূমি বেদখল মুক্ত কৰিব পাভ বনাঞ্চলৰ। বনভূমি, সত্ৰৰ ভূমি আৰু খাচ মাটি বেদখলত উচ্ছেদ চলিব। শাল, চেগুন থকা বনভূমিত সঁৰিয়হ খেতি কেনেকৈ হ’ল বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। সন্দেহযুক্ত নাগৰিকে দখল কৰা মাটি উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত থাকিব চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ ঘোষণা- কোনো প্ৰকৃত থলুৱা লোকৰ ক্ষেত্ৰত অন্যায় হৈছে নেকি সেই বিষয়টোও আমি পৰ্যালোচনা কৰিম, কিন্তু চৰকাৰে নিজৰ লক্ষ্যত উপনীত হ’ব আৰু ইতিমধ্যে বেদখল হৈ থকা কিছু হেক্টৰ মাটি চৰকাৰে বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে।