জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে পুনৰ গা-কৰি উঠিছে৷ নিতৌ অনা-কাশ্মীৰি লোকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হ’ব ধৰিছে৷ বৃহস্পতিবাৰে দিন-দুপৰতে কুলগামাতে বেংক মেনেজাৰক গুলীয়াই হত্যা কৰে। বিংকৰ ভিতৰত মুখত ক’লা কাপোৰ বান্ধি সন্ত্ৰাসবাদী প্ৰবেশ কৰি বেংক মেনেজাৰজনক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে৷ বেংক মেনেজাৰজন ৰাজস্থানৰ হনুমানগড়ৰ বাসিন্দা। কুলগাম জিলাৰ মোহনপুৰৰ সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি হত্যা কৰে বেংল পৰিচালকক।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই ঘটনাক গৰিহণা দিছে। টুইট কৰি অশোক গেহলটে কয় যে জম্মু-কাশ্মীৰৰ কুলগামত কৰ্মৰত ৰাজস্থানৰ হনুমানগড়ৰ বাসিন্দা বিজয় কুমাৰক সন্ত্ৰাসবাদীয়ে হত্যা কৰাটো অত্যন্ত নিন্দনীয়। মই ঈশ্বৰক তেওঁৰ আত্মাৰ শান্তি আৰু তেওঁৰ পৰিয়ালৰ বাবে সাহসৰ বাবে প্ৰাৰ্থনা জনাইছো।
একে সময়তে অশোক গেহলটে এনডিএ চৰকাৰক লক্ষ্য কৰি কয় যে এনডিএ চৰকাৰে কাশ্মীৰত শান্তি পুনৰুদ্ধাৰ কৰাত ব্যৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰা উচিত। এনেদৰে সন্ত্ৰাসবাদীৰ দ্বাৰা আমাৰ নাগৰিকসকলক হত্যা কৰাটো সহ্য কৰা নহ’ব।
ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে চলিত বৰ্ষৰ ৭ মে’ত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত এজন আৰক্ষীক গুলীয়াই আহত কৰিছিল। একেটচা ঘটনাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত কনিষ্টবল আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে৷
চহৰখনৰ চাফাকাদল অঞ্চলৰ আইভা দলঙৰ ওচৰত পুৱা প্ৰায় ৮.৪০ বজাত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন কনিষ্টবলৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। আক্ৰমণটোত কনিষ্টবলজন গুৰুতৰভাৱে আহত হয়৷ আক্ৰমণৰ পিছত অঞ্চলটো ঘেৰাও কৰা হৈছে আৰু আক্ৰমণকাৰীসকলক ধৰিবলৈ তালাচী অভিযান চলি আছে।