গুৱাহাটীঃ বৃহস্পতিবাৰে ৰাজ্যত ২৩৪৫গৰাকী ক’ৰোনা ৰোগী সুস্থ হৈ হস্পিতাল এৰিবলৈ অনুমতি প্ৰদান কৰিছে স্বাস্থ্য বিভাগে৷ সুস্থ হৈ হস্পিতাল এৰা ৰোগীৰ সংখ্যা ৮০ শতাংশলৈ বৃদ্ধি হোৱা টুইট কৰে উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসকক লৈ গৰ্ব কৰি আমি জয়ী হ’ম বুলি কয়৷
ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে ক’ৰোনাৰ পৰীক্ষণৰ সংখ্যা বৃদ্ধি কৰিছে৷ সমানে ক’ৰোনা ভাইৰাছ সংক্ৰমিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত ২০৩৬গৰাকী ৰোগী নতুনকৈ ধৰা পৰিছে৷ বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৫,৩৯৫টা টেষ্ট কৰিছে৷ ইয়াৰে ২০৩৬গৰাকী ৰোগী পজিটিভ ধৰা পৰিছে৷ পজিটিভ ৰোগীৰ সংখ্যা ৫,৭৫ শতাংশ৷
বৃহস্পতিবাৰৰ দিনটোত ধৰা পৰা ২০৩৬গৰাকী ৰোগীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৪৮১, যোৰহাটৰ ১৪৬, ডিব্ৰুগড় জিলাৰ ১২৯ আৰু হাইলাকান্দি জিলাৰ ১১০গৰাকী ৰোগী আছে৷ ইয়াল লগে লগে ৰাজ্যত ৯৮,৮০৭গৰাকীলৈ বৃদ্ধি পাইছে মুঠ ৰোগীৰ সংখ্যা৷ সুস্থ হৈছে ৭৬,৯৬২গৰাকী ৰোগী৷ বৰ্তমান ২১,৫৬৪গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ২৭৮গৰাকী ৰোগী মৃত্যুমুখত পৰিছে৷