ডিজিটেল ডেস্কঃ পিতৃহাৰা হ’ল সাংবাদিক ধ্ৰৱজ্যোতি ধনন্তৰি। সাংবাদিকগৰাকীৰ পিতৃ অৰুণ কলিতাৰ আজি গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটে। কামৰূপ জিলাৰ কমলপুৰৰ আঠাৰা গাঁও নিৱাসী অৰুণ কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ। মৃত্যুৰ সময়ত তেওঁ সাংবাদিক পুত্ৰ ধ্ৰৱজ্যোতি ধনন্তৰিৰ লগতে দুগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায়। বৃক্ষবন্ধু ৰূপে পৰিচিত অৰুণ কলিতা নাৰ্চাৰীৰ ব্যৱসায় কৰিছিল। মৃত্যুৰ পূৰ্বে চকু আৰু দেহ দান কৰি থৈ যোৱা কলিতাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।