নিশাৰ মহানগৰীত পুনৰ সংঘটিত হৈছে ধৰ্ষণ কাণ্ড৷ বুধবাৰে নিশা ভাড়াঘৰত অকলশৰে থকা অৰুণাচলৰ যুৱতীক ধৰ্ষণ কৰে এজন যুৱকে৷ বলপূৰ্বক ভাড়া ঘৰৰ কোঠাত যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ আদি পুৱা আৰক্ষীয়ে অভিযান চলাই ধৰ্ষণৰ অভিযুক্ত টেণজিজে দৰ্চি নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
ঘটনা মহানগৰীৰ মাজ-মজিয়াৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত সংঘটিত হৈছে। জানিব পৰা মতে, নিশা যুৱতীগৰাকীয়ে ভাড়াঘৰত অকলশৰে থকাৰ সময়তে টেণজিজে দৰ্চি নামৰ যুৱকজনে কোঠাত জোৰকৈ সোমাই অপকৰ্ম সংঘটিত কৰে৷ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে টেণজিং দৰ্জি নামৰ যুৱকজনক৷ যুৱক আৰু যুৱতী অৰুণাচলৰ বুলি জানিব পৰা গৈছে৷