ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৰাছিয়াক মানৱ অধিকাৰ পৰিষদৰ পৰা নিলম্বন কৰিছে। সংবাদ সংস্থা এএফপিৰ মতে ইউক্ৰেইনৰ বুচা চহৰত সংঘটিত হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লোৱা হৈছে। সাধাৰণ সভাই ৰাছিয়াক বিশ্ব সংস্থাৰ প্ৰধান মানৱ অধিকাৰ সংগঠনৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। তথ্য অনুসৰি ৯৩ খন দেশে মানৱ অধিকাৰ পৰিষদৰ পৰা ৰাছিয়াক বাদ দিয়াৰ সপক্ষে ভোট দিয়ে। ভাৰত আৰু ৫৮খন দেশে ভোটদানৰ পৰা বিৰত আছিল। চীন আৰু ২৪ খন দেশে ৰাছিয়াক বহিষ্কাৰ কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়ে। ইউক্ৰেইনৰ বুচা চহৰৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰৰ পিছত চহৰখনত শ-শ লোকৰ মৃতদেহ পোৱা গৈছে। ঘটনাক বিশ্বজুৰি গৰিহণা দিছে৷ কিন্তু ৰুছে এই কথা অস্বীকাৰ কৰিছে আৰু খবৰক ভুৱা বুলি অভিহিত কৰিছে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সাধাৰণ লোকৰ মৃত্যুত কোনো ধৰণৰ জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। ইউক্ৰেইনৰ কৰ্তৃপক্ষই বাতৰি ‘মনেসজা’ বুলি অভিযোগ কৰে ৰাছিয়াই। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনকে ধৰি কেইবাখনো ইউৰোপীয় দেশে বুচাত ৰাছিয়াৰ গণহত্যাক তীব্ৰ গৰিহণা দিছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে পুটিনক উদ্দেশ্যে কয় যে যেতিয়া আপুনি বুচাত কি ঘটিছে দেখিব, তেতিয়া পুটিনে ইউক্ৰেইনত যি কৰিছে সেয়া গণহত্যাতকৈ কম নহয় বুলি ভাবিব৷ ইফালে, বুচাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে ৰাছিয়াৰ ওপৰত অধিক কঠোৰ নিষেধাজ্ঞাৰ দাবীয়ে নতুন গতি লাভ কৰিছে।
আমেৰিকাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দুই কন্যাৰ লগতে ৰাছিয়াৰ শীৰ্ষ ৰাজহুৱা আৰু ব্যক্তিগত বেংকসমূহৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰিছে। ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ বিৰুদ্ধেও নিষেধাজ্ঞা আৰোপ কৰিছে৷ যাৰ ভিতৰত আছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ আৰু ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্রি মেদভেদেভ আৰু প্ৰধানমন্ত্ৰী মিখাইল মিচুষ্টিন। নিষেধাজ্ঞাসমূহক ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণক লৈ দেশৰ অৰ্থনীতি আৰু অভিজাত শাখাৰ ওপৰত অধিক চাপ বৃদ্ধি কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পথ অনুসৰণ কৰি ব্ৰিটেইনে বুধবাৰে ঘোষণা ৰাছিয়াৰ ওপৰত অধিক নিষেধাজ্ঞা আৰোপ কৰিছে৷ যাৰ ভিতৰত আছে দেশৰ সৰ্ববৃহৎ বেংক স্বাৰবেংকৰ সম্পত্তিৰ লেনদেনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰু দেশৰ সৰ্ববৃহৎ ৰাছিয়া বেংক, সকলো বেংক আৰু ব্ৰিটেইনৰ সকলো বেংকলৈ সম্পত্তিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে৷