নিউজ ডেস্কঃ বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশন ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই অধিৱেশনত ২১ জানুৱাৰীৰ সাংস্কৃতিক সন্ধিয়াত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা ‘তেজীমলা’ পুতলা নাটৰ মাধ্যমত পৰিৱেশিত হয়। নাটখনৰ ৰচনা তিলোত্তমা ভূঞা আৰু পৰিচলনা বিনীতা দেৱীৰ। পুতলা নাটখনত পুতলাসমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, বিনীতা দেৱী, কৰিশ্মিতা তালুকদাৰ, গীতিমা দাস, অনিতা দেৱী, গণেশ বড়ো, ৰমা চেত্ৰী আৰু সীমান্ত শৰ্মাই। নাটখনৰ সংগীত পৰিচালক পাপু গোঁহাইৰ। সংগীত পৰিবেশন পাপু গোঁহাই, অদিষ্ণা ৰাজবংশী। নাটখনৰ চৰিত্ৰসমূহৰ কণ্ঠস্বৰ গিৰিধৰ ৰয়, বিনীতা দেৱী, অণিমা দাস, গণেশ দাস, অদিষ্ণা ৰাজবংশীৰ। পুতলা নাটখন সুন্দৰভাবে পৰিবেশন কৰে। পুতলাসমূহৰ সঞ্চালন মানৱৰ যেন লগা হৈছিল। কোনো ধৰণৰ জড়তা দেখা পোৱা যোৱা নাছিল। বীৰকুছিৰ শিশুসকলে নাটখন চাই খুব আনন্দিত হয়।