February 9, 2023, 1:59 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

বিৰোধীৰ সদনত্যাগ, প্ৰমোদ বড়োৱে দাখিল কৰিলে বিটিচিৰ ঘাটি বাজেট, ৩১৩৭.৬৬ কোটিৰ বাজেট দাখিল

Reporter Name
  • Update Time : Monday, April 4, 2022
  • 80 Time View

কোকৰাঝাৰঃ বিটিচিৰ বাজেট অধিবেশনৰ প্ৰথম দিনা বিৰোধীৰ সদনত্যাগৰ মাজতে আজি ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বাজেট দাখিল কৰিছে। চলিত বিত্তীয় বৰ্ষত বিটিচিয়ে লাভ কৰিবলগীয়া ৭২২.৮৪ কোটি টকাক লৈ সৰ্বমুঠ ৩১৫৭.৬৬ কোটি টকাৰ বাজেট দাখিল কৰিছে। আনহাতে চলিত বিত্তীয় বৰ্ষত ব্যায় হিচাপে দেখুওৱা হৈছে ৩২৭১.৩১ কোটি টকা। অৰ্থাৎ বাজেট ঘাটিৰ পৰিমাণ ১১৩.৬৫কোটি টকা। উল্লেখ্য যে, বিটিচি বিধান পৰিষদৰ বাজেট অধিবেশনৰ আজি প্ৰথম দিনাই বিৰোধীপক্ষই সদনত হুলস্থুল কৰে। সদনৰ প্ৰশ্নত্তোৰ শিতান কাৰ্যক্ৰমনিকাৰ শেষৰ পিনে লৈ যোৱাক কেন্দ্ৰ কৰি বিৰোধী পক্ষই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদন ত্যাগ কৰাৰ পিছতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে চলিত বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিছে। প্ৰশ্নত্তোৰ শিতানৰ পৰিবৰ্তে প্ৰমোদ বড়োই প্ৰথমে বাজেট দাখিল আৰু বাজেট ভাষণ কাৰ্যক্ৰমনিকাক আগস্থান দি প্ৰশ্নত্তোৰ শিতান পিছলৈ নিয়া কেন্দ্ৰ কৰি বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত সদনত প্ৰমোদ বড়োৰ ভাষণ শুনিবলৈ অহা নাই বুলি মন্তব্য কৰি প্ৰমোদ বড়োৰ চৰকাৰে গণতন্ত্ৰৰ পৰম্পৰা ভংগ কৰিছে বুলি অভিযোগ কৰে।

প্ৰশ্নত্তোৰ শিতানৰ পৰিবৰ্তে প্ৰমোদ বড়োৰ ভাষণ আগত দি জনসাধাৰণৰ আশা-আকাংক্ষা মষিমুৰ কৰিছে বুলি মন্তব্য কৰি এয়া গণতন্ত্ৰৰ অশুভ পৰস্পৰা আৰু সংসদীয় গণতন্ত্ৰত প্ৰশ্নোত্তোৰ শিতানক সৰ্বপ্ৰথম অগ্ৰাধিকাৰ দিয়া হয় বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে। ইপিনে বিটিচিৰ সংসদীয় কমিটিৰ কাৰ্যবাহী সদস্য গৌতম দাসে বিৰোধীৰ এনে কাৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অযথা ইচ্ছু বনাই বিৰোধীয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে বুলি মন্তব্য কৰে। সংসদীয় নিয়মৰ অনুচ্ছেদ ৩০ অনুসৰি সদনৰ অধ্যক্ষই সদনৰ কাৰ্যক্ৰমনিকা সলনি কৰিব পাৰে। প্ৰশ্নত্তোৰ শিতান পিছুৱাই হে দিয়া হৈছিল বাতিল কৰা হোৱা নাছিল বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য গৌতম দাসে পবিত্ৰ সদনৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ বিৰোধীদলৰ প্ৰতি আহ্বান জনাইছে।

ইপিনে প্ৰশ্নত্তোৰ শিতান আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধী দলৰ সদস্যসকল পুণৰ সদনত উপস্থিত হয় কেবাগৰাকী নিৰ্বাচিত সদস্যই প্ৰশ্নত্তোৰ শিতানত অংশগ্ৰহণ কৰে । বিটিচিৰ নিৰ্বাচিত সদস্য তথা বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে বিটিচি এলেকাৰ অপ্ৰাদেশিকৃত বিদ্যালয় আৰু মহাবিদ্যালয়সমুহ প্ৰাদেশীকৰণৰ ব্যৱস্থা হাতত লৈছেনে বুলি কৰা এক প্ৰশ্নত শিক্ষা বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি প্ৰথম পৰ্যায়ত ২৬ খন অপ্ৰাদেশিকৃত মহাবিদ্যালয় তিনিমাহৰ ভিতৰত প্ৰাদেশীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি ৰাজ্যিক বাজেটত ইতিমধ্যে ১০ খন মহাবিদ্যালয়ক প্ৰাদেশীকৰণ কৰা হব বুলি ঘোষণা কৰিছে। ইয়াৰোপৰি পৰ্যায়ক্ৰমে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমুহৰ তথ্যও সংগ্ৰহ কৰি থকা হৈছে। প্ৰশ্নত্তোৰ শিতানত বিটিচিৰ এমচিএলএ ক্ৰমে দনেশ্বৰ গয়াৰী, ফ্ৰেছ মুছাহাৰী, পানীৰাম ব্ৰহ্ম, জয় মুছাহাৰী, হেমন্ত কুমাৰ ৰাভা আদিয়ে ভাগ লৈ বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

ইপিনে পূৰ্বৰ চৰকাৰে ২০১০ চনৰ ২০২০চনলৈ প্ৰায় ২৩৫০ কোটি টকাৰ অনাদেয় ধন এৰি থৈ যোৱা বুলি প্ৰকাশ পাইছে । ইপিনে বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে ২০২২ -২৩ বিত্তীয় বৰ্ষৰ বাবে এচঅ’পিডিৰ ধন মাত্ৰ ৭২২.৮৪ কোটি টকা হোৱা বাবে উদ্বেগ প্ৰকাশ কৰে। নিয়মানুসৰি প্ৰতি বছৰে উক্ত ধনৰাশি ১০ শতাংশকৈ বাঢ়িব লাগে আৰু সেই হিচাপত চলিত বিত্তীয় বৰ্ষৰ বাবে ৮৯৪.১৫ কোটি হব লাগিছিল যদিও কাৰ্যক্ষেত্ৰত ৭২২.৮৪ লাখ হে পাইছে। আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত ৬৫০.০৩ কোটিৰ ভিতৰত ৩৭৭.১২ কোটিহে বিটিচিয়ে খৰছ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ অব্যৱহৃত ধনৰ পৰিমাণ হ’ল ২৭২.৯১ কোটি।

প্ৰণিধানযোধ্য যে চলিত বিত্তীয় বৰ্ষৰ বাজেটত শিক্ষা বিভাগত ১১৪.৩৫ কোটি, পঞ্চায়ত আৰু গ্ৰামন্নোয়ন বিভাগত ৩৯৬.১১ লাখ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৭২.৯২ কোটি, চহৰ উন্নয়ন ৬১.৭৫কোটি, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগত ১১৬৯.৪৩কোটি টকা ধাৰ্য কৰিছে। কাইলৈ অৰ্থাৎ বাজেটৰ অন্তিমদিনা বাজেট বিতৰ্ক হব আৰু সদনত বাজেট গৃহীত হোৱাৰ সম্ভাৱনা আছে। কেবাটাও বাজেট অধিবেশনত অনুপস্থিত থকা বিৰোধী দলৰ শেহতীয়া সক্ৰিয়তাক লৈ বিশেষ তাপপৰ্য বহন কৰিছে।

 

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে