ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনকলৈ বিজেপিয়ে শনিবাৰে ঘোষণা কৰে প্ৰাৰ্থীৰ নাম৷ পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰক উপ-ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপিত কৰিছে৷ ইয়াৰ পিছতেই দেওবাৰে বিৰোধীয়ে উপ-ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷ আজিৰ এক সংবাদমেলত NCPৰ নেতা শাৰদ পাৱৰে উপ-ৰাষ্ট্ৰপতি ঘোষণা কৰিছে বিৰোধীৰ মাৰ্গাৰেট আলভাৰ নাম৷ আলভা পূৰ্বতে কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল আছিল৷ গোৱা, গুজৰাট আৰু ৰাজস্থানৰ ৰাজ্যপাল আছিল বিৰোধীৰ প্ৰাৰ্থী গৰাকী৷
উল্লেখ্য যে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত সমাপ্ত হ’ব। সংবিধানৰ অনুচ্ছেদ ৬৮ অনুসৰি, বিদায়ী উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ ফলত হোৱা খালী পদ পূৰণৰ বাবে, পৰৱৰ্তী নিৰ্বাচন পূৰ্বৰ উপ-ৰাষ্টপতিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই অনুস্থিত কৰিব লাগিব। ৬ জুলাইত উপ-ৰাষ্ট্ৰপতি পদত জয়ী হোৱা প্ৰাৰ্থী গৰাকী হ’ব উপ-ৰাষ্ট্ৰপতি আসন অলংকৃত কৰা দেশৰ ১৪ সংখ্যক গৰাকী উপ-ৰাষ্ট্ৰপতি৷