অমিত শ্বাহ আৰু জে পি নাড্ডাকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত সোমবাৰে ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিশেষ বৈঠক অনুষ্ঠিত হয়৷ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ মাত্ৰ দুমাহ বাকী থকা অৱস্থাত চাৰি ঘণ্টা ধৰি বৈঠক অনুষ্ঠিত কৰে বিজেপিয়ে৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু বিৰোধী উভয়ে ভাৰতৰ নতুন ৰাষ্ট্ৰপতিৰ বাবে নিজ নিজ প্ৰাৰ্থী প্ৰদান কৰাৰ প্ৰস্তুতি চলাইছে। ১০ জুনত ৰাজ্যসভাৰ ৫৭ খন আসনৰ বাবে মনোনয়ন আৰম্ভ হোৱাৰ এদিন আগতে সোমবাৰে সন্ধিয়া বিজেপি নেতাসকলে নাড্ডাৰ ঘৰত মিলিত হয়।
ৰাজ্যসভা নিৰ্বাচনেও ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰভাৱ পেলাব। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৫ জুলাইত সমাপ্ত হ’ব। বিৰোধীয়ে এতিয়াও যুটীয়া ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাই আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, মহাৰাষ্ট্ৰৰ নেতা শৰদ পাৱাৰে এক সহমত গঢ়ি তুলিবলৈ বৈঠক অনুষ্ঠিত কৰিছে। বিজেপিৰ সকলো সাংসদ আৰু বিধায়কৰ ভোটৰ ৪৮.৯ শতাংশ আছে। বিৰোধী আৰু অন্যান্য দলৰ ৫১.১ শতাংশ ভোট আছে।
বিজেপিক ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বিজেডি, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে অ-কংগ্ৰেছী, অ-বিজেপি ফ্ৰণ্টৰ হৈ কাম কৰি থকা কে.চি আৰে মুখ্য বিৰোধী নেতাসকলক সাক্ষাৎ কৰিছে। নিশ্চিতভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনক পৰীক্ষা হ’ব বিৰোধীৰ বাবে। শেহতীয়াকৈ, কে.চি আৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে৷ উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ, অখিলেশ যাদৱক সাক্ষাৎ কৰে৷ এম কে ষ্টালিন আৰু মমতা বেনাৰ্জীৰ সৈতে ফোনযোগে কথা পাতে। কৰ্ণাটকত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াকো লগ কৰিব বুলি আশা কৰা হৈছে।
কে.চি আৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিৰোধী দলৰ নেতা তেজস্বী যাদকো সাক্ষাৎ কৰিব। নীতিশ কুমাৰৰ সহযোগী বিজেপিৰ সৈতে সম্পৰ্ক কিছু সময়ৰ পৰা তিক্ত হৈ আছে৷ বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনত নীতিশ কুমাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) প্ৰাৰ্থীক সমৰ্থন কৰা নাই। নীতিশ কুমাৰে জাতিগত লোকপিয়ল সন্দৰ্ভত সৰ্বদলীয় বৈঠক কৰাৰ পদক্ষেপ লৈছে৷ বৈঠক তেজস্বী যাদৱে বিচাৰে কিন্তু বিজেপিয়ে বিৰোধিতা কৰিছে৷ মিত্ৰপক্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰা হৈছে।
নীতিশ কুমাৰে এইবাৰ এনডিএ প্ৰাৰ্থীক সমৰ্থন কৰিব নেকি? ইংগিত দিছে যে নীতিশ কুমাৰৰ দলৰ নেতা কেন্দ্ৰীয় মন্ত্ৰী আৰচিপি সিঙক পুনৰ ৰাজ্যসভালৈ যোৱাৰ সুবিধা দিয়া নহ’ব বুলি চৰ্চা হৈছে। সিং বিজেপিৰ ঘনিষ্ঠ আৰু নীতিশ কুমাৰৰ দূত হিচাপে কাম কৰি আহিছে।
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অলপতে পাটনাত নীতিশ কুমাৰক সাক্ষাৎ কৰিছিল আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰে। বিজেপিৰ আন মধ্যস্থতাকাৰীসকলেও সমৰ্থন শক্তিশালী কৰিবলৈ কাম কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জগন ৰেড্ডীৰ সৈতে নবীন পাটনায়ক আৰু জিভিএল নৰসিংহ ৰাওৰ সৈতে যোগাযোগ কৰি আছে।
কংগ্ৰেছেৰ পচন্দৰ প্ৰাৰ্থী প্ৰদান কৰাৰ সম্ভাৱনা নাই৷ বিশেষকৈ ৰাহুল গান্ধীয়ে আঞ্চলিক দলসমূহৰ আদৰ্শৰ অভাৱ বুলি কৰা মন্তব্যই আৰজেডিৰ দৰে কংগ্ৰেছ মিত্ৰশক্তিকো ক্ষোভিত কৰিছে।