ডিজিটেল ডেস্ক : ৰাহুল গান্ধীৰ নেতৃত্বত চলি আছে ‘ভাৰত জোড়ো যাত্ৰা’৷ ভাৰত জোড়ো যাত্ৰাত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে কংগ্ৰেছ নেতাজন৷ কেতিয়াবা যদি তেওঁৰ ঠাণ্ডা নালগাৰ কাৰণ জানিবলৈ বিচাৰিছে, কেতিয়াবা আকৌ তেওঁ কেতিয়া বিয়া পাতিব এনেধৰণৰ প্ৰশ্নৰো সন্মুখীন হৈছে৷
এইবাৰ বিবাহৰ প্ৰসংগত মাত মাতিলে কংগ্ৰেছ নেতাজনে৷ মনে মিলা ছোৱালী পালেই বয়া পাতিব ৰাহুল গান্ধীয়ে৷ এটা সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে কয় যে এগৰাকী উপযুক্ত ছোৱালী জীৱনলৈ আহিলেই বিয়া পাতিব তেওঁ৷
৫২ বছৰীয়া ৰাহুল গান্ধী বৰ্তমান ভাৰতৰ আটাইতকৈ যোগ্য অবিবাহিত লোকসকলৰ তালিকাত আছে৷ যাৰ বাবে প্ৰায়ে বিবাহ সম্পৰ্কীয় প্ৰশ্নৰ সন্মুখীন হয় নেতাজন৷ ইয়াৰ পূৰ্বেও বিবাহক লৈ মন্তব্য কৰিছিল ৰাহুলে৷ তেওঁ কৈছিল যে তেওঁ বিয়া পাতিবলৈ সাজু যদিহে এগৰাকী ছোৱালীৰ গাত তেওঁৰ আইতাক গুণ বিচাৰি পায়৷