জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ জাজৰিত চুৰি বাইকসহ গভাইত চোৰক ৰাইজে আৱদ্ধ কৰিবলৈ সক্ষম হয়৷ জাজৰিৰ বগৰিগুৰি নিবাসী দ্বীপেন শইকীয়াক এএছ-০৯-এইছ ৪২১১ নম্বৰৰ চুৰি বাইকসহ আৱদ্ধ কৰে ৰাইজে৷ কাৰ্বিআংলং জিলাৰ বোকাজানৰ প্ৰীতম মেছে বাইকখন লৈ যোৱা ২৭ ফেব্ৰুৱাৰীত বেবেজীয়াৰ সমীপৰ জামুগুৰিত অনুষ্ঠিত আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ আহিছিল৷ বিবাহস্থলীৰ পৰাই লোকজনৰ বাইকখন সেইদিনাই নিশাই চুৰি হয়৷ জাজৰিৰ বগৰিগুৰিৰ দ্বীপেন শইকীয়া নামৰ চোৰটোক সন্দেহৱশতঃ স্থানীয় ৰাইজে সোধপোছ কৰাৰ লগতে উত্তম-মধ্যম শোধোৱাত চুৰিকাৰ্য স্বীকাৰ কৰে৷ ৰাইজে চোৰটোক বেবেজীয়া আৰক্ষীক গতাই দিয়ে৷