মাৰোৱাড়ী যুৱ মঞ্চৰ বিহু পালনৰ উদ্দেশ্যে প্ৰকাশ কৰা বেনাৰক লৈ সমগ্ৰ অসমত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ হনুমান জয়ন্তী পালনৰ কাৰ্যসূচীত কেৱল বিহু পালনৰ কথা উল্লেখ কৰাত জাঙুৰ খাই উঠিছিল সমগ্ৰ অসমৰ লোক৷ বিশেষকৈ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ একাংশ নেটিজেনে কয় যে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুক মাৰোৱাড়ী সম্প্ৰদায়ে পালন কৰাত অসমীয়া লোকে বিৰোধিতা নকৰে বৰঞ্চ ভালহে পাব। কিন্তু বিহুৰ কাৰ্যসূচীত জন্মোৎসৱ অন্তৰ্ভুক্ত কৰিলে কেতিয়াও মানি লোৱা নহ’ব বুলি যুক্তি প্ৰদৰ্শন কৰিছে৷ এই কাণ্ড সংঘটিত কৰিছিল ডিব্ৰুগড় মাৰোৱাড়ী যুৱ মঞ্চই৷ ডিব্ৰুগড় মাৰোৱাড়ী যুৱ মঞ্চই ১৬ আৰু ১৭ এপ্ৰিলত দুদিনীয়াকৈ লুইতপৰীয়া বিহু সন্মিলনৰ প্ৰচাৰৰ বাবে বেনাৰ-পোষ্টাৰ প্ৰকাশ কৰিছিল৷ বিহু সন্মিলনৰ কাৰ্যসূচীত এটাও বিহুৰ অনুষ্ঠান নাছিল। বিপৰীতে দুয়োটা দিনতে হনুমান জন্মোৎসৱৰ শোভাযাত্ৰা অনুষ্ঠিত কৰাত ক্ষোভিত হৈ পৰিছিল অসমবাসী। অসমৰ বিভিন্ন দল-সংগঠন বেনাৰখন সলনি কৰি বিহু সুকীয়াকৈ পালন কৰিবলৈ দাবী জনোৱাৰ সময়তে আলফা স্বাধীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিহুক ধৰ্মীয় অনুষ্ঠানৰ সৈতে একত্ৰিত নকৰিবলৈ সকিয়াই দিয়ে আলফা স্বাধীনে। আলফা স্বাধীনৰ সদস্যই ডিব্ৰুগড়ৰ মাৰোৱাড়ী যুৱ মঞ্চৰ নেতাৰে টেলিফোনিক বাৰ্তালাপ কৰে৷ আলফা স্বাধীনে বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়াই দি অনতিপলমে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা লুইতপৰীয়া বিহু সন্মিলনৰ বেনাৰ-পোষ্টাৰ শুধৰাই দিবলৈ নিৰ্দেশ দিয়ে। আলফা স্বাধীনে বেনাৰ-পোষ্টাৰ মাৰোৱাড়ী যুৱ মঞ্চৰ যিটো ফেচবুক পেজত প্ৰচাৰ কৰিছিল তাত শুধৰণি কৰা বেনাৰ-পোষ্টাৰ পুনৰ দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, ইতিপূৰ্বে মাৰোৱাড়ী যুৱ মঞ্চই সদৈ অসম ছাত্ৰ সন্থাক এক পত্ৰ প্ৰেৰণ কৰি ভুল স্বীকাৰ কৰাৰ লগতে পুনৰ এনে ভুল নকৰাৰ লগতে কাৰ্যসূচীৰ সাল-সলনি কৰা হ’ব বুলি কয়৷