ডিজিটেল ডেস্কঃ এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভাৰ নিৰ্বাচন কোনো কাৰণত স্থগিত নহয়৷ ক’ৰোনা কালৰ বাবে বিহাৰ বিধানসভাৰ নিৰ্বাচত স্থগিত ৰখাৰ আহ্বান জনাই এগৰাকী লোকে এখন আবেদন দাখিল কৰিছিল উতচ্চতম ন্যায়ালয়ত৷ উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰিছে৷
উচ্চতম ন্যায়ালয়ে কয় যে ক’ৰোনা মহামাৰীৰ বাবে বিহাৰ বিধানসভাৰ নিৰ্বাচন ৰখাব পৰা নাযায়৷ বিহাৰ বিধানসভাৰ নিৰ্বাচন বিৰোধী দলে ক’ৰোনা মহামাৰীৰ বাবে পিছুৱাই দিব লাগে বুলি কৈ আহিছে৷ কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই আৰ্জিকেই খাৰিজ কৰি দিয়াত নিৰ্বাচন কোনো কাৰণত স্থগিত নহয় সেই কথা স্পষ্ট হৈ পৰিল৷
আদালতে স্পষ্ট কৰি কয় যে ক’ৰোনা মহামাৰীৰ বাবে নিৰ্বাচন স্থগিত কৰা আৰু নিৰ্বাচন আয়োগৰ অধিকাৰত দখল দিব নোৱাৰি৷