কৈলাস চৌধুৰী, বজালীঃ পাঠশালাত বিহাৰৰ চিলনী চোৰক গ্ৰেপ্তাৰ৷ মঙলবাৰে বিহাৰৰ পৰা অহা চিলনী চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পাঠশালা আৰক্ষী৷ সদানন্দ গায়ন নামৰ লোকজনে এটিএমৰ পৰা টকা উলিওৱাৰ সময়তে টকাৰ বেগ কাঢ়ি নিয়াৰ প্ৰয়াস কৰি জালত পৰে বিহাৰৰ কিষাণগঞ্জৰ এলিচ গোৱালা৷ বিগত কেইবামাহ ধৰি পাঠশালাত চিলনী চোৰে আতংকৰ সৃষ্টি কৰি আহিছে৷ এটিএমৰ পৰা টকা উলিওৱা লোকৰ পৰা টকাৰ বেগ কাঢ়ি নিয়াৰ সময়তে ধৰা পৰে চিলনী চোৰ৷ মঙলবাৰে সদানন্দ গায়ন নামৰ লোকজনে এটিএমৰ পৰা ২৮,৫০০ টকা উলিয়াই প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ মুহূৰ্তত চিলনী চোৰে বেগ লৈ উধাও হয়৷ ফলত হুৱাদুৱা লাগে৷ পিছ মুহূৰ্ততে পাঠশালা আৰক্ষীয়ে চিলনী চোৰক টকাৰ বেগসহ গ্ৰেপ্তাৰ কৰে৷