ডিজিটেল ডেস্কঃ কোটিটকীয়া পশুখাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ দোষী সাব্যস্ত হোৱাত তেওঁক CBI আদালতে ৫ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ৬০ লাখ টকাৰ জৰিমনা বিহিছে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ডোৰণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিয়াইছিল। ১৯৯০ৰ পৰা ১৯৯৫চনৰ ভিতৰত উলিয়াইছিল এই ধনখিনি। ঘটনা সন্দৰ্ভত অন্য ৭৪ জনকো দোষী সাব্যস্ত কৰা হৈছে। ইয়াৰ পূৰ্বেও অন্য দুটা গোচৰত দোষী সাব্যস্ত হৈ ১৪ বছৰৰ কাৰাবাস খাটিছিল লালু প্ৰসাদ যাদৱে। আদালতে লালু প্ৰসাদ যাদৱক কাৰাবাসেৰে দণ্ডিত কৰাৰ পাছতে লালু প্ৰসাদ যাদৱৰ অধিবক্তাই তেওঁৰ স্বাস্থ্যৰ প্ৰসংগ উত্থাপনেৰে জামিনৰ বাবে আবেদন কৰিব বুলি উল্লেখ কৰে। অৱশ্যে যেতিয়ালৈ লালু প্ৰসাদ যাদৱে জামিন লাভ নকৰে তেতিয়ালৈ নেতাগৰাকীয়ে কাৰাগাৰতে থাকিব লাগিব।