ডিজিটেল ডেস্কঃ চাকৰি সমাপ্ত হোৱাৰ পূৰ্বেই অৱসৰ লোৱা বিহাৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গুপ্তেশ্বৰ পাণ্ডে বিহাৰৰ শাসকীয় দল জেডিইউত যোগদান কৰে৷ দেওবাৰে সন্ধিয়া জেডিইউত আনুষ্ঠানিক ভাৱে যোগদান কৰে পাণ্ডেই৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আৱাসত নীতিশ কুমাৰৰ উপস্থিতিত শাসকীয় দলত যোগদান কৰে৷ শনিবাৰে গুপ্তেশ্বৰ পাণ্ডেই পাটনাস্থিতি জেডিইউৰ কাৰ্যালয়ত উপস্থিত হৈছিল৷ নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে পাণ্ডেই চাকৰি এৰিছিল৷