ডিজিটেল ডেস্কঃ কিছুদিন পিছতে নিৰ্বাচনী আয়োগে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব৷ ইতিমধ্যে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সাজু হৈছে৷ ছ’চিয়েল মিডিয়াত শাসক জেডিইউ, বিজেপি আৰু বিৰোধী কংগ্ৰেছ, আৰজেডিয়ে তীব্ৰ প্ৰচাৰ চলাই গৈছে৷ সময়ে সময়ে শাসক-বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধও লগা পৰিলক্ষিত হয়৷
তাৰ লগে লগে সময়ে সময়ে প্ৰশ্ন হয় বিজেপি নেতৃত্বাধীন এনডিএৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব৷ তথা বিহাৰ নিৰ্বাচনত এনডিএৰ নেতা কােন হ’ব৷ ইয়াকে লৈ সময়ে সময়ে চৰ্চা চলি থকাৰ সময়তে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিশেষ ডিজিটেল ৰেলী সম্বোধন কৰি বিহাৰ নিৰ্বাচনত নীতিশ কুমাৰে নেতৃত্ব দিব বুলি স্পষ্ট কৰে৷ বিহাৰ প্ৰদেশ বিজেপিৰ কাৰ্যকৰী সভা কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ আজি শেষ দিনৰ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্স যোগে ভাষণ প্ৰদান কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিৰোধীক দুৰ্বল ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷
যেতিয়াই বিজেপিয়ে নীতিশ কুমাৰৰ জেডিইউ, ৰামবিলাস পাছৱানৰ লোক জনশক্তি পাৰ্টীৰ সৈতে লগলাগি নিৰ্বাচন খেলিছে তেতিয়াই এনডিএৰ বিজয় হৈছে৷ এইবাৰো আমি লগলাগি নিৰ্বাচন খেলিছো বুলি কৈ নৰেন্দ্ৰ মোদী, নীতিশৰ বাৰ্তা জনগণৰ ওচৰলৈ লৈ যাব লাগিব বুলি কৈ নীতিশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন খেলিব বুলি স্পষ্ট কৰে৷