বিহালীঃ যোৱা ১৪ চেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা বিহালী সমষ্টিৰ বিহমাৰী বনগাঁৱৰ চক্ৰসিং সিংনাৰ নামৰ ব্যক্তিজনৰ মৃতদেহ শুকুৰবাৰে নিশা ঘৰৰ কাষৰ পথাৰৰ পৰা উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ৪ দিন পূৰ্বে নিৰুদ্দেশ হোৱা ৪০ বছৰীয়া ব্যক্তিজনৰ মৃতদেহটো পথাৰৰ এডাল গছত ওলমি থকা অৱস্থাত একাংশ ৰাইজে প্ৰত্যক্ষ কৰে। ইফালে ব্যক্তিজনৰ মৃতদেহটো উদ্ধাৰৰ পিছত ব্যক্তিজনৰ মৃত্যুক লৈও ৰহস্যৰ সৃষ্টি হৈছে। কাৰ্বি ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাটো এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি প্ৰশাসনক অতি সোনকালে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে।