বিহালীঃ কেন্দ্ৰীয় চৰকাৰে কৃষি বিষয়ক তিনিখনকৈ নতুন বিধয়েক সদনত গৃহীত কৰাৰ পিছতে সোচ্ছাৰ হৈ পৰিছে দেশৰ কৃষক৷ দেশৰ কৃষকে নিতৌ প্ৰতিবাদ কৰি গৈছে৷ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে দেশৰ ২৬টাকৈ কৃষক-শ্ৰমিকে আজি ভাৰত বন্ধ ঘোষণা কৰে৷ যাৰ ফলত শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কৃষক-শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে৷
অসমতো ৰাজপথলৈ ওলাই আহি বিভিন্ন সংগঠনৰ নেতৃত্বত কৃষক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্বনাথ জিলাৰ বিহালীত তিনি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷
৩ খনকৈ কৃষক বিৰোধী তথা জনবিৰোধী আইন বলৱৎ কৰি দেশৰ পঞ্চাশ কোটি কৃষকৰ স্ব-অধিকাৰ, মৰ্যদা পুঁজিপতি বনীয়া গোষ্ঠীক গতাই দিয়াৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰি বিহালীত সদৌ অসম ছাত্ৰ সন্থাৰ পূৱ আৰু পশ্চিম বিহালী সমিতিয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে চৰকাৰে সংসদত গৃহীত কৰা বিধেয়ক কেইখনৰ প্ৰতিলিপি দাহ কৰি বিধেয়কখন বাতিলৰ দাবী জনায়৷