May 25, 2022, 12:22 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিষয়া-নেতা-সংবাদ গোষ্ঠীৰ বিৰুদ্ধে অভিযোগ, আব্দুল আহাদ চৌধুৰীৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা

Reporter Name
  • Update Time : Thursday, May 5, 2022
  • 26 Time View

পৰিয়ালে প্ৰশাসনৰ সৈতে থকা মিতিৰালিৰ বহু তথ্য লুকাবলৈ চেষ্টা কৰি আব্দুল আহাদ চৌধুৰীক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰি সামাজিক মাধ্যমত পোষ্ট দি থকাৰ সময়তে আজি এনকাউণ্টাৰৰ তদন্ত ঘোষণা কৰে ৰাজ্য চৰকাৰে৷ কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা কৰিছে হাইলাকান্দিৰ জিলা উপায়ুক্তই। জিলা উপায়ুক্ত ৰোহণ কুমাৰ ঝাই এনকাউণ্টাৰৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি লালাৰ চক্ৰ বিষয়া জিণ্টু বৰাক তদন্তৰ দায়িত্ব প্ৰদান কৰে। আব্দুল আহাদ চৌধুৰীৰ এনকাউণ্টাৰৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে নিউজ চেনেল, প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্তাপন কৰি আহিছে পৰিয়ালে৷ বহু শীৰ্ষ বিষয়া, ৰাজনৈতিক নেতা, সংবাদ মাধ্যমৰ ব্যক্তিৰ সৈতে সম্পৰ্ক থকাৰ লগতে ধনৰ লেন-দেনৰ কথা লুকুৱাবলৈ আব্দুল আহাদ চৌধুৰীত হত্যা কৰা বুলি পৰিয়ালে দাবী কৰি ঘটনাৰ তদন্ত দাবী কৰি আহিছিল৷ কৰিমগঞ্জৰ সুতৰকান্দিৰ অবৈধ কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰীৰ ১ মে’ত হাইলাকান্দি আৰক্ষীৰ গুলীত নিহত হৈছিল। লালা আৰক্ষী থানাৰ লখিনগৰত আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল চৌধুৰীক। আব্দুল আহাদ চৌধুৰীক কৰিমগঞ্জৰ লালা আৰক্ষীৰ দলে অবৈধ কয়লা সম্পৰ্কীয় গোচৰৰ সন্দৰ্ভত আটক কৰিছিল। লালা আৰক্ষী থানাত চৌধুৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১১০/২০২২ ধাৰাত ৰুজু হৈ থকা গোচৰৰ গ্ৰেপ্তাৰ কৰিছিল। চিকিৎসাৰ বাবে গৈ থকাৰ সময়তে আব্দুল আহাদে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ প্ৰয়াসৰ সময়তে আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়া হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে৷ আঘাতপ্ৰাপ্ত আব্দুল আহাদ চৌধুৰীক এছ.কে ৰয় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত আব্দুল আহাদৰ পৰা এটা ৯ এম.এম পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে