মঙলদৈঃ মঙলদৈ চহৰৰ মাজ মজিয়াত অৱস্থিত দৰং জিলা জিলা পুথিভঁৰালটি এতিয়া মৃত্যুৰ মুখলৈ গতি কৰিছে। চৰকাৰৰ অবহেলা, কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ অদূৰদৰ্শিতাৰ বাবে দিনে দিনে কমি আহিছে পঢ়ুৱৈ সংখ্যা। পূৰ্বে গ্ৰন্থ অধ্যয়নৰ বাবে পুথিভঁৰালটোলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকসকল অহাৰ লগতে ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ হৈ থকা পুথিভঁৰালটিত এতিয়া নাই পঢ়ুৱৈ। কোনোবা দিনা এজনো পঢ়ুৱৈ নহা পৰিলক্ষিত হয়। আনকি পূৰ্বে ৬ খন দৈনিক বাতৰি কাকত থকা পুথিভঁৰালটিত এতিয়া নাই এখনো দৈনিক কাকত। পূৰ্বে বহু লোকে দৈনিক কাকতখন চাবলৈ হ’লেও পুথিভঁৰালটিলৈ আহিছিল। সম্প্ৰতি পুথিভঁৰালটিত আছে সাতজন কৰ্মচাৰী। জিলা গ্ৰন্থগাৰিকৰ পদটো এবছৰে খালি হৈ থকাত শোণিতপুৰ জিলাৰ গ্ৰন্থগাৰিক জয়শ্ৰী দেৱী অতিৰিক্ত দায়িত্বত থাকি মঙলদৈৰো কাম চলাই আছে যদিও তেওঁৰ কোনো আগ্ৰহ বা দ্বায়িত্ববোধ নথকাৰ বাবে যিয়ে যেনেকৈ চলে চলক জাতীয় মনোভাবেৰে দ্বায়িত্ব কৰি আছে। আনহাতে সহকাৰী জিলা গ্ৰন্থগাৰিক সোমনাথ ভট্টাচাৰ্য দৈনিক জিলা সদৰৰ বাহিৰৰ পৰা অৰ্থাৎ গুৱাহাটীৰ পৰা অহা-যোৱা কৰাৰ বাবে সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপিত হৈছে। ভট্টাচাৰ্য বাৰ মান বজাত পুথিভঁৰাললৈ আহি এক ডেৰ বজাত গুৱাহাটীলৈ উভতি যায়। সেয়েহে তেওঁ মঙলদৈত চাহ খাবৰ বাবেহে আহে বুলি চৰ্চাত আছে। পুথিভঁৰালটিৰ উচ্চ বৰ্গৰ সহায়ত লক্ষ্য হীৰা দেৱীয়ে সকলো চম্ভালি আছে যদিও তেওঁ কোনোদিনে সময়মতে কাৰ্যালয়ত উপস্থিত নহয়। পলমকৈ আহি সোনকালে যোৱাটো তেওঁৰ নিয়ম হৈ পৰা বুলি অভিযোগ আছে। তদুপৰি কাৰিকৰী সহায়ক দীপক দাস, কাউণ্টাৰ সহায়ক দিলু প্ৰসাদ দাস আৰু মানস শৰ্মা কাম নথকাৰ অজুহাতত কাৰ্যালয়ত নিয়মীয়া নহয়। কাৰ্যালয়ত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মুকুন্দ শৰ্মা হৈছে পুথিভঁৰালটিৰ সৰ্বেসৰ্বা। তেৱেঁই স্থানীয় লোক। পিছে তেওঁৰ বিৰুদ্ধে আছে পঢ়ুৱৈ, ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। আন জিলাত বদলি হৈ থকা শৰ্মাক লৈও অসন্তুষ্ট বহু লোক। অভিযোগ অনুসৰি মঙলদৈ জিলা পুথিভঁৰাল বৰ্তমানৰ বিষয়া কৰ্মচাৰীসকলৰ অদক্ষতা, অবহেলা, পঢ়ুৱৈ আৰু ছাত্র-ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰা আদিৰ বাবেই কমি আহিছে পুথিভঁৰালটিৰ পঢ়ুৱৈৰ সংখ্যা।
আনকি আজিৰ তাৰিখত পুথিভঁৰাল গ্ৰাহকৰ বাবে ৰাখিব লগা পৰিচয় পত্ৰৰ ফৰ্ম এখনো নাই বিষয়াসকলৰ লগত। আনহাতে, কিতাপ ৰখা আলমাৰি, পঢ়ুৱৈ বহা টেবুল-চকী ধূলিময় হৈ পৰিছে। এইসমূহ কৰ্মচাৰীসকলে কোনো দিনে চাফ চিকুণ নকৰে। শিশুৰ বাবে থকা কোঠাটো এতিয়া মকৰা জাল, ধূলিয়ে আৱৰি আছে। যদিও ডিজিটেল বা ছ’চিয়েল মিডিয়াৰ যুগত গ্ৰন্থ অধ্যয়ন কমি অহা বুলি অভিযোগ আছে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়া মঙলদৈ চহৰত নতুনকৈ বহুকেইটা গ্ৰন্থ ভঁৰাল স্থাপনহে হৈছে। জিলা সাহিত্য সভা, মঙলদৈ মহাবিদ্যালয়, মঙলদৈ প্ৰেছ ক্লাব, বিভিন্ন গ্ৰাম্য ক্লাবত স্থাপিত পুথিভঁৰালত ৰাইজে নিয়মীয়াকৈ গৈ গ্ৰন্থৰ সুৱাস লোৱা দেখা গৈছে। ইয়াৰ বিপৰীতে ৭ জন চৰকাৰী কৰ্মচাৰী থকা গৰিমা মণ্ডিত মঙলদৈ জিলা পুথিভঁৰালৰ মৃত্যুমুখী যাত্ৰাত জাঙুৰ খাই উঠিছে দৰংবাসী। আজি দৰং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা কেন্দ্ৰীয় সমিতিৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে হোমেন বৰগোহাঞিৰ এখন গ্ৰন্থৰ অধ্যয়নৰ বাবে দুজন ছাত্ৰক পুথিভঁৰালটিলৈ পঠাইছিল যদিও পুথিভঁৰালৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে বেয়া ব্যৱহাৰ কৰি ওভতাই পঠোৱাত আছু ক্ষুব্ধ হৈ পৰিছে। আছুৰ উপদেষ্টাজনে পঢ়ুৱৈসকলৰ প্ৰতি দায়বদ্ধহীন মঙলদৈ জিলা পুথিভঁৰালৰ সকলো বিষয়া-কৰ্মচাৰীকে শীঘ্ৰে আন জিলালৈ বদলি কৰি দক্ষ আৰু দায়বদ্ধ কৰ্মচাৰীক নিযুক্তি দিবলৈ দাবী জনাইছে।
আনহাতে, একাংশ কৰ্মচাৰীৰ চূড়ান্ত অবহেলা, সময়মতে কায্যলয়ত উপস্থিত নথকা আৰু জিলাৰ বাহিৰৰ পৰা অহাটো নিয়মীয়া হৈ পৰাত দৰং জিলা সাহিত্য সভা, মঙলদৈ নাগৰিক মঞ্চ, মঙলদৈ প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি দল-সংগঠনে চৰকাৰ তথা জিলা প্ৰশাসনক কৰ্মচাৰীসকলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেন বনীয়াই কয় যে জিলা পুথিভঁৰালটি মঙলদৈবাসীৰ এটি গৰিমামণ্ডিত অনুষ্ঠান। পূৰ্বে নিজৰ সন্তানক নি পুথিভঁৰালটি দেখুৱাই, কিতাপসমূহ দেখুৱাই বহু অভিভাৱকে আনন্দ পাইছিল। আজি পুথিভঁৰালটি জহি খহি যোৱাৰ বাবে দায়ী বিষয়া কৰ্মচাৰীসকল, এওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে, যুৱ ছাত্র পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতিয়ে জিলা পুথিভঁৰালটি কেৱল সভা সমিতি পতা অনুষ্ঠান বা ৰং ৰহৈচ কৰা ক্লাব নকৰি গ্ৰন্থ অধ্যয়ন কৰা এক পৰিবেশ সৃষ্টিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।