পুনৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি চাৰিগৰাকী লোকৰ মৃত্যু হৈছে৷ উজনিৰ সোণাৰি জিলাত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ চিকিৎসাধীন চাৰি গৰাকী মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোণাৰিৰ ২নং লালতিপথাৰ গাঁৱত একেটা পৰিয়ালৰ চাৰিগৰাকী লোকে জংঘলৰ পৰা কাঠফুলা সংগ্ৰহ কৰা আনি ঘৰত তৰকাৰি তৈয়াৰ কৰি খোৱাৰ পিছতে হঠাতে অসুস্থ হৈ পৰে৷ ৩৫ বছৰীয়া ৰিমা কৰ্মকাৰ, দহবছৰীয়া পুত্ৰ অজয় কর্মকাৰ, ১২ বছৰীয়া ছয়নিকা কর্মকাৰ আৰু ৩২ বছৰীয়া জোনাকী প্ৰজা বুলি জানিব পৰা গৈছে।
২নং লালতিপথাৰৰ পৰিয়ালটোৱে ৬ এপ্ৰিলত দুই শিশুসহ ৮ গৰাকী লোক বিষাক্ত কাঠফুলা খাই অসুস্থ হৈছিল। সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন ভৰ্তি কৰা হৈছিল৷ ইয়াৰে দুই মহিলা আৰু দুটি শিশুৱে মৃত্যুক সাৱটি লয়। চিকিৎসাধীন হৈ থকা হৈ থকাসকলৰো অৱস্থা সংকটজনক হৈ মৃত্যুৰ সৈতে যুজঁ দিছে।