১১০ কিলোমিটাৰ সাতুৰি পুনৰ বিশ্বত ইতিহাস গঢ়িলে দুই অসমীয়াই৷ শ্ৰীলংকাৰ ৰাজধানী চহৰ কলম্বোৰৰ পৰা সাঁতুৰি আহি ভাৰতৰ তামিলনাডুত উপস্থিত হৈ ইতিহাস গঢ়িলে কস্তুৰী গগৈ আৰু বাবুল গুৰুঙে৷ যুৱ সাঁতুৰবিদ কস্তুৰী গগৈৰ প্ৰশিক্ষক হৈছে বাবুল গুৰুং৷ অসমৰ দুয়ো গুৰু-শিষ্যই একেলগে সাগৰত সাঁতুৰি বিশেষ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হয়। শ্ৰীলংকাৰ কলম্বোৰ পৰা চেন্নাইলৈ ভাৰত মহাসাগৰত ১১০ কিলোমিটাৰ সাঁতুৰি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু প্ৰশিক্ষাৰ্থী কস্তুৰী গগৈ। বুধবাৰে নিশা ১টা বজাত শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ মানাৰ দ্বীপৰ পৰা সাঁতুৰি দুপৰীয়া ২ বাজি ৫০ মিনিটত তামিলনাডুৰ আৰ্চুল মৌলাইত উপস্থিত হয় প্ৰশিক্ষক বাবুল গুৰুং আৰু শিক্ষাৰ্থী কস্তুৰী গগৈ। মাথো ১০ বছৰ বয়সতে একেৰাহে ১৩ ঘণ্টা ৫০ মিনিট সাঁতুৰি ভাৰত মহাসাগৰ অতিক্ৰম কৰা প্ৰথমগৰাকী সাঁতোৰবিদ হৈ বিশ্ব ৰেকৰ্ড গঢ়িলে কস্তুৰীয়ে। অবিস্মৰণীয় সফলতাৰ বাৱে কস্তুৰী গগৈ, প্ৰশিক্ষক বাবুল গুৰুক বিভিন্ন জনে প্ৰশংসা কৰিছে।