মৈৰাবাৰীঃ বিশ্ব শান্তিৰ উদ্দেশ্যে অনুষ্ঠিত মৈৰাবাৰীৰ বুঢ়া নামঘৰৰ ভাগৱত পাঠৰ আজি সামৰণি পৰে। মৈৰাবাৰীস্থিত ঐতিহ্যমণ্ডিত বুঢ়া নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্যাখ্যামূলক ভাগৱত পাঠৰ শুভ সামৰণি পৰে। ৪ জুনৰ পৰা দুদিনীয়া আয়োজনেৰে আৰম্ভ হোৱা ভাগৱত বাখ্যা পাঠৰ শুভাৰম্ভ কৰিছিল মণিৰাম নাথ আৰু ভোলাৰাম দাসে। বিশিষ্ট শিক্ষক ডেহীৰাম শইকীয়া আৰু হৰেন্দ্ৰ নাথ শইকীয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত ভাগৱত পাঠ ভাঙনি আৰু বাখ্যা কৰে মৰিগাঁৱৰ বিখ্যাত ভাগৱত ব্যাখ্যাকাৰ ভোলাৰাম দাস আৰু বিষ্ণু দাসে। ভাগৱত পাঠ বাখ্যাৰ অন্তত বিশ্ব শান্তি, সমৃদ্ধি তথা ভাতৃত্ববোধ বজাই ৰাখিবলৈ ব্যাখ্যাকাৰসকলে সমাজক বহুমূলীয়া উপদেশ দিয়ে৷ বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজৰ মাজত ভাতৃত্ববোধৰ বাবে প্ৰশংসা কৰা পৰিলক্ষিত হয়।