যোৰহাটঃ বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে এক চাইকেল ৰেলী উলিয়াই। বিশ্ববিদ্যালয়ৰ এন এচ এচ শাখা আৰু অসম চাইক্লিঙ কমিউনিটিৰ যোৰহাট শাখাৰ উদ্যোগত কাৰ্যসূচীৰ ফ্লেগ অফ কৰে বিশ্ববিদ্যালয়ৰ এন এচ এচ শাখাৰ সমন্বয়ক তথা ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰাণা প্ৰতাপ ভূঞাই। উদ্যান বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈ যোৰহাট নগৰৰ মুল পথসমুহ পৰিভ্ৰমণ কৰা এই ৰেলীৰ জৰিয়তে চাইকেল চলোৱাৰ গুৰুত্ব আৰু উপকাৰিতাৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ এন এচ এচ প্ৰগেম অফিচাৰ অপূৰ্ব দাস, ৰিতুৰাজ বৰুৱা আৰু ড০ এচ বৰুৱাইও সহযোগ আগবঢ়ায়।