নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘন্টাত অৰ্থাৎ শনিবাৰৰ পুৱা ৮ বজাৰ পৰা দেওবাৰৰ পুৱা ৮ বজালৈ কৰ’নাত আক্ৰান্ত হৈছে ৭৮,৭৬১জন লোক। এদিনতে ৭৮ হাজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে ইয়াক বিশ্ব অভিলেখ আখ্যা দিয়া হৈছে। কিয়নো এতিয়ালৈকে কোনো দেশতে এটা দিনত ইমান সংখ্যাক লোক কৰ’নাত আক্ৰান্ত হোৱা নাছিল।
স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে পুৱা সদৰী কৰা অনুসৰি, ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৩৫,৪২,৭৩৩জনলৈ। যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈ ৯৪৮জন লোকে প্ৰাণ হেৰুৱাইছে। এনেদৰে দেওবাৰৰ দিনটোত ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৩,৬৫৭জনলৈ বৃদ্ধি পাইছে।