বিশ্বনাথৰ পৰা জোনমণি বেগমঃ বিশ্বনাথৰ উচ্চ শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে আয়োজন কৰা গছপুলি ৰোপন কাৰ্যসুচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মাই। গছপুলি ৰোপণ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক-আধ্যাপিকাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অসম প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ বিশ্বনাথ মহাবিদ্যালয়ৰ ‘পৰিৱেশ আৰু জলবায়ু কোষে’ বিশ্বনাথ ঘাটৰ বিশ্বনাথ প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণৰ লগতে এক গাম্ভীৰ্য্যপুৰ্ণ পৰিৱেশত সজাগতা সভাৰ আয়োজন কৰে। কোষৰ সমন্বয়ক ড০ বিশ্বজিৎ শৰ্মাই সমূহ কাৰ্যসূচীৰ আঁতধৰে। ছাত্ৰ-ছাত্ৰী, স্থানীয় লোকৰ উপস্থিতিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মাই উদ্বোধন কৰা সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এগ্ৰনমি বিভাগৰ অধ্যাপক ড০ ৰত্ন কিংকৰ গোস্বামী। উদ্বোধনী ভাষণত অধ্যক্ষ গৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোকপাত কৰাৰ লগতে নৱপ্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ ওপৰত আত্মনিয়োগ কৰি নিজকে সমাজৰ একোগৰাকীকৈ সচেতন ব্যক্তি ৰূপে গঢ় দিবলৈ আহ্বান জনায়।
নিৰ্দিষ্ট বক্তাৰ ভাষণত ড০ ৰত্ন কিংকৰ গোস্বামীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগত পৰিৱেশ দিৱস সন্দৰ্ভত কথোপ কথন বক্তৃতা আৰম্ভ কৰে। বিশ্ব পৰিবেশ দিৱসৰ ইতিহাস আৰু পৰিৱেশ সংৰক্ষণত সচেতন ৰাইজে ল’বলগীয়া সজাগতাসমূহৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়ায়। ড০ গোস্বামীয়ে মহাবিদ্যালয়ে এনেধনৰণৰ অনুষ্ঠান গ্ৰাম্যাঞ্চলত অনুষ্ঠিত কৰি ৰাইজৰ মাজত পৰিৱেশৰ সজাগতা সৃষ্টিৰ বাবে লোৱা ইতিবাচক পদক্ষেপৰ ভূয়সী প্ৰসংসা কৰে। বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড০ ৰাহুল শৰ্মা, ড০ সুনয়না গোস্বামী, শিবাশ্ৰী হোজাইছা, কাৰ্যালয় অধীক্ষক চিত্তৰঞ্জন কাকতী, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, শিক্ষক শিক্ষয়ত্ৰী, পৰিচালনা সমিতি, মাতৃ গোট, গাঁও উন্নয়ন সভা, অভিভাৱক, গাঁও পঞ্চায়তৰ সমুহ সদস্য, বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভা ‘পৰিৱেশ আৰু জলবায়ু কোষ’ৰ সমন্বয়ক ড০ বিশ্বজিৎ শৰ্মাৰ শলাগৰ শৰাইৰে অন্ত পৰে। বিয়লি ২ বজাৰ পৰা বিশ্বনাথ মহাবিদ্যালয় অভ্যন্তৰীণ মানদণ্ড আৰু নিশ্চিত কোষৰ উদ্যোগত মহাবিদ্যালয় চৌহদত অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সমন্বিতে প্ৰায় তিনি শতাধিক লোকৰ উপস্থিতিত পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হয়।
অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে “Understanding Carbon dioxide, Green House Gases and Climate Change” শীৰ্ষক বক্তৃতা অনুষ্ঠানত সমল ব্যক্তিৰ ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মাই। কোষৰ সমন্বয়ক ড০ নৰেশ ঠাকুৰে আঁতধৰা অনুষ্ঠানত ড০ শৰ্মাই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য, ইতিহাস আৰু কাৰ্বণ ডাই অক্সাইড আৰু সেউজ গৃহ গেছসমূহৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত থকা প্ৰভাৱ সম্পৰ্কে বিস্তৃত পৰ্যালোচনা আগবঢ়ায়। জলবায়ু পৰিবৰ্তনে ভৱিষ্যতে মানৱ সমাজলৈ কঢ়িয়াই আনিব লগীয়া ভয়াবহ পৰিস্থিতিৰ বিষয়ে সজাগ হৈ ছাত্ৰ-ছাত্ৰীসকলে সমাজত মুখ্য ভূমিকা পালন কৰিব লাগিব বুলি মত পোষণ কৰে। ৪ বজাত মহাবিদ্যালয় পৰিয়ালৰ লগতে স্থানীয় অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰী ক্ৰমে তাপ্তীদুতি বৰা আৰু ছাত্ৰ ঋত্বিক জ্যোতি বৰাৰ দ্বাৰা প্ৰকাশিত দুখন কাব্যগ্ৰন্থ ক্ৰমে ‘নুপুৰ ৰুণজুনত ভূপালী আকাশ’ দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু ‘পশ্চিমৰ কলা মেঘ’ ড০ চিন্তামনি শৰ্মা তথা ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে নয়ন জ্যোতি গোৱালা আৰু কুশল শৰ্মাৰ যুটীয়া সম্পাদনাত প্ৰকাশিত ‘জীৱন আৰু স্বপ্ন’ শীৰ্ষক গ্ৰন্থ যুটীয়া ভাবে সাংবাদিক নিৰঞ্জন হাজৰিকাই উন্মোচন কৰে।