বিশ্বনাথৰ পৰা জোনমণি বেগমঃ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰিৱেশ আৰু জলৱায়ু কোষৰ উদ্যোগত আজি বিশ্ব ধপাঁত বৰ্জন দিৱস উদযাপন কৰা হয়। কোষৰ হৈ ড০ ৰাহুল শৰ্মা, ড০ সুনয়না গোস্বামী আৰু অধ্যাপিকা শিবাশ্ৰী হোজাইছাইৰ উপস্থিতিত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ দলক নেতৃত্ব দি এক সজাগতা সভাৰ আয়োজন কৰে। ছাত্ৰ-ছাত্ৰীসকলে ধঁপাতৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্লেকাৰ্ড লৈ এক সমদল উলিয়ায়। সজাগতা সভাত অংশগ্ৰহণ কৰি কলেজৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মাই কয় যে ধঁপাত সেৱনৰ বাবে কেঞ্চাৰকে আদি কৰি বিভিন্ন বেমাৰত বছৰি ষাঠী লাখ মানুহৰ মৃত্যু ঘটে আৰু ১৬ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত মৃত্যুৰ সংখ্যা যথেষ্ঠ বেছি।যদি ধপাঁত সেৱনৰ হাৰ এনেদৰে বাঢ়ি থাকে তেনেহ’লে ২০৩০ লৈকে মৃত্যুৰ সংখ্যা বছৰি আশী লাখ অতিক্ৰম কৰিব। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণৰ সমন্বয়ক ড০ নৰেশ ঠাকুৰে ধপাঁতৰ ভয়াবহতাৰ ওপৰত বক্তব্য ডাঙি যুৱ সমাজ ওলাই আহি ব্যাপক ভাবে ইয়াৰ নেতিবাচক দিশৰ ওপৰত ৰাইজক সজাগ কৰাৰ পদক্ষেপ ল’ব লাগিব বুলি মত পোষণ কৰে। বিশ্বনাথ মহাবিদ্যালয়ে কলেজ চৌহাদক “No Tobacco Zone” ঘোষণা কৰিছে আৰু স্বাস্থ্য বিভাগৰ সৈতে এই ক্ষেত্ৰত পদক্ষেপ হাতত লৈছে।