বিশ্বনাথঃ ২০১৪ৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ সমগ্ৰ বিশ্বজুৰি পালন কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটি প্ৰস্তাৱ দাঙি ধৰিছিল আৰু এই দিৱস পালনৰ যোগেদি বিশ্বৰ শান্তি আৰু সহযোগিতা বৃদ্ধি কৰিব পৰা হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰিছিল। ২০১৪ চনৰ ১১ ডিচেম্বৰত বহা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সেই প্ৰস্তাৱটোত অনুমোদন জনালে। যোগৰ অনুশীলনৰ যোগেদি বিশ্ব শান্তি আৰু উন্নয়ন আৰু সৰ্বসাধাৰণৰ শাৰীৰিক স্বাস্থ্য উন্নত হ’ব বুলি যোগ সাধনাৰ উপকাৰিতা সম্পৰ্কে প্ৰচাৰ কৰাত গুৰুত্ব দিয়া হ’ল। আৰু পৰৱৰ্তী সময়ত ২০১৫ চনৰ ২১ জুনৰ দিনা পোনপ্ৰথমবাৰৰ বাবে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। তেতিয়াৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাপে পালন কৰি অহা হৈছে। দ্বিতীয় কাশী হিচাপে খ্যাত গুপ্তকাশী বিশ্বনাথ ঘাটৰ আহোম যুগৰ প্ৰসিদ্ধ ২৭ খনকৈ দেৱালয় সমৃদ্ধ বিশ্বনাথ মন্দিৰত পুৱা ৬ বজাতে বিশ্বনাথ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী। প্ৰতিকুল বতৰৰ মাজত বিশ্বনাথ মন্দিৰৰ ভিতৰত অনুষ্ঠিত হোৱা এই দিৱসত অংশগ্ৰহণ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ উপায়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিং, চি আৰ পি এফ বাহিনীৰ C-30 শিবিৰ সেনাসহ বহু কেইজন প্ৰশাসনিক বিষয়াৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।