March 29, 2023, 4:30 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বিশ্বনাথৰ ৩ অঞ্চলত পুনৰ কন্টেইনমেন্ট জ’ন ঘোষণা

অঞ্জন শইকীয়া
  • Update Time : Tuesday, July 7, 2020
  • 229 Time View

চতিয়াঃ বিশ্বনাথৰ তিনি অঞ্চলত পুনৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। ঘোষণা কৰা এই কন্টেইনমেন্ট জ’ন তিনিটা হৈছে নাগশংকৰৰ চমাৰদলনি, চতিয়াৰ বৰাচুক আৰু বিশ্বনাথৰ মৰল গাওঁ। জানিব পৰা মতে, জিলাখনৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চমাৰদলনিৰ মনোজ বাচকোটা নামৰ এজন ব্যক্তি নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মনোজ বাচকোটাৰ চমাৰদলনিৰ গৃহ অঞ্চলটোক আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে।

একেদৰেে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চতিয়াৰ বৰা চুক নিবাসী চিনু বৰা শইকীয়া নামৰ মহিলা গৰাকীও নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে চিনু বৰা শইকীয়াৰ গৃহ অঞ্চলটোকো আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ছীল কৰিছে।কালি আবেলি ৭ বজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকা দুটা কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

আনহাতেদি বিশ্বনাথৰ মৰল গাওঁ নিবাসী মুকুল বৰকটকী নামৰ ব্যক্তিজনো নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে মুকুল বৰকটকীৰ মৰল গাৱঁৰ গৃহ অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে। কালি আবেলি ৬ বজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকাটোক কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে। উল্লেখ্য যে, ক’ভিড-১৯ত আক্ৰান্ত হোৱা মনোজ পৰাজুলি ধেমাজি বিশাল মেগামাৰ্টৰ কৰ্মচাৰী আছিল।

অন্যহাতেদি চিনু বৰা শইকীয়া আৰু মুকুল বৰকটকী নামৰ ব্যক্তি দুগৰাকী গুৱাহাটীত কৰ্মৰত ক’ভিড-১৯ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ পৰোক্ষভাৱে সংস্পৰ্শলৈ আহিছিল। জিলাখনত কোভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে এই এলেকাসমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাসমূহ ছীল কৰিছে ৷ বিশ্বনাথ জিলা দণ্ডাধীশে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।

এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অনান্য কোভিড-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷ এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫, মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে